Society for Language Technology Development, Assam

ইউনিক’ডত অসমীয়া লিখা : এটি চমু আলোচনা

  • গুণদীপ চেতিয়া

ইউনিক’ড (Unicode) কি ?

          ইউনিক’ডৰ বিষয়ে কোৱাৰ আগতে অলপ কম্পিউটাৰৰ বিষয়ে কৈ লওঁ ৷সহজ ভাষাত ক’বলৈ গ’লে কম্পিউটাৰে কেৱল সংখ্যাৰ লগতহে খেলা কৰে ৷গতিকে আখৰ বা চিহ্ন এটা কম্পিউটাৰক বুজাবলৈ হ’লে প্ৰথমে সেই আখৰ বা চিহ্নটোৰ বাবে এটা সংখ্যা নিৰ্ণয় কৰিব লাগিব ৷আখৰৰ  লগত সংখ্যা জড়িত কৰিবৰ বাবে দেশে-বিদেশে নানা ধৰণৰ পদ্ধতি আছিল বা এতিয়াও আছে ৷কিন্তু এই পদ্ধতিবোৰৰ কিছুমান সীমাবদ্ধতা আছে, যেনে-পৃথিৱীৰ আটাইবোৰ লিপি বা ভাষাৰ আখৰসমূহ এই পদ্ধতিবোৰৰ কোনো এটাই সামৰি লোৱা নাই ৷তদুপৰি এই পদ্ধতিবিলাক ইটোৰ লগত সিটো নিমিলে ৷তাৰমানে দুটা পদ্ধতিয়ে একেটা আখৰৰ বাবে দুটা বেলেগ সংখ্যা বা একেটা সংখ্যাকে দুটা বেলেগ বেলেগ আখৰৰ লগত জড়িত কৰিব পাৰে ৷মুঠতে এক খেলিমেলি পৰিস্থিতি ৷তাৰ ফলত কোনো এক শ্ৰেণীৰ কম্পিউটাৰত টাইপ কৰা একেখিনি আখৰ আন এক শ্ৰেণীৰ কম্পিউটাৰত নেদেখিব পাৰোঁ বা দেখিলেও বিসংগতিপূৰ্ণ হ’ব পাৰে ৷এই কথাষাৰ ইণ্টাৰনে’টৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য ৷

এনে অসুবিধাসমুহ আঁতৰ কৰিবৰ বাবেই ১৯৯১ চনত আমেৰিকাস্থিত এটা অপেচাদাৰী সংগঠনে (যিটো  Unicode Consortium নামেৰে জনাজাত) এটা নতুন পদ্ধতিৰ উদ্ভাৱন কৰিলে, যি পৃথিৱীৰ প্ৰায় সকলো লিপিৰ সকলো আখৰৰ বাবে এটা অদ্বিতীয় সাংখ্যিক মান নিৰ্ণয় কৰিব পাৰে ৷এই পদ্ধতিৰে এতিয়ালৈকে বিশ্বৰ ৯৩ টা লিপিৰ ১,০৯,০০০ তকৈও অধিক আখৰ বা চিহ্নৰ বাবে সাংখ্যিক মান নিৰ্ধাৰণ কৰা হৈছে ৷বৰ্তমান পৃথিৱীৰ সকলো দেশে এই পদ্ধতিক স্বীকৃতি দিছে ৷ Microsoft, Apple, IBM, HP আদি ডাঙৰ ডাঙৰ কোম্পানীবিলাকেও তেওঁলোকৰ software বিলাকত এই পদ্ধতি ব্যৱহাৰ কৰিছে ৷এই পদ্ধতি বা মানটোৱেই হ’ল ইউনিক’ড পদ্ধতি বা ইউনিক’ড মান (standard) বা চমুকৈ ইউনিক’ড ৷গতিকে আমাৰ ভাষা এটা বিশ্বজনীন কৰিবলৈ হ’লে বা ইণ্টাৰনে’টত লিখিবলৈ হ’লে এই মান অপৰিহাৰ্য ৷

ইউনিক’ডত অসমীয়া লিখা মানে কি ?

          কম্পিউটাৰত অসমীয়া লিখাটো এটা নতুন কথা নহয় ৷বহুতে বিভিন্ন software (যেনে Ramdhenu, iLeap আদি) ব্যৱহাৰ কৰি বহু বছৰৰ আগৰ পৰাই অসমীয়া লিখি আহিছে ৷কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল যে সচৰাচৰ ব্যৱহাৰ কৰা এই software সমূহ ইউনিক’ড মানৰ ভিত্তিত নিৰ্মাণ কৰা নহয় ৷ গতিকে ওপৰত উল্লেখ কৰা অসুবিধাসমূহে ইয়াতো দেখা দিব ৷সেয়েহে আমি অসমীয়া লিখিবলৈ এনে কিছুমান উপায় অৱলম্বন কৰিব লাগিব বা এনে কিছুমান software ব্যৱহাৰ কৰিব লাগিব, যিবোৰ ইউনিক’ড মানৰ ভিত্তিত নিৰ্মিত ৷তেনে জনপ্ৰিয় software কেইটামান হৈছে Avro, Xobdo KB, Baraha, Assamese Indic Input  ইত্যাদি ৷এনে software বা উপায় অৱলম্বন কৰি কম্পিউটাৰত অসমীয়া লিখাটোকে আমি কওঁ “ইউনিক’ডত অসমীয়া লিখা” ৷

ইউনিক’ডত অসমীয়া লিখাতো খুবেই প্ৰয়োজনীয় নেকি ?

          হয়, দুটা দিশৰপৰা ইউনিক’ডত অসমীয়া লিখাতো খুবেই প্ৰয়োজনীয় ৷প্ৰথম, অসমীয়া ভাষাটো যদি আমি বিশ্বজনীন কৰিব বিচাৰোঁ, তেন্তে ইউনিক’ডত লিখাৰ বিকল্প নাই ৷দ্বিতীয়তে, ইণ্টাৰনে’টত আন কেইবাটাও ভাৰতীয় ভাষাৰ তুলনাত অসমীয়া ভাষাৰ সমল তেনেই কম ৷ আমাৰ যিকেইখন অসমীয়া বাতৰি কাগজৰ  ইণ্টাৰনে’ট সংস্কৰণ আছে, তেওঁলোকেও ইউনিক’ড লিখিব পৰা software ব্যৱহাৰ কৰা নাই ৷তেওঁলোকে এতিয়াও বাতৰিবিলাক image format ত দিয়ে ৷ফলত Google বা অন্য search engine এ বিচাৰি পোৱাত অসুবিধা হয় আৰু সেয়েহে আমি বেছি অসমীয়া তথ্য বিচাৰি নাপাওঁ ৷গতিকে ইণ্টাৰনে’টত অসমীয়া সমল বৃদ্ধি কৰিবলৈ আমি অসমীয়া ভাষাত ৱেবচাইট, ব্লগ আদি সৃষ্টি কৰাৰ ওপৰিও social networking site বিলাকত অসমীয়া ভাষাত লিখা-মেলা কৰিব পাৰোঁ ৷ইণ্টাৰনে’টত অসমীয়া সমল বৃদ্ধি কৰাতো অন্য এক দিশৰপৰাও গুৰুত্বপূৰ্ণ ৷আপুনি হয়তো জানে যে Google, FaceBook আদি ৱেবচাইটবিলাক বাংলা, হিন্দী, তামিল আদি কেবাটাও ভাৰতীয় ভাষাত দেখা পোৱা যায় ৷কিন্তু অসমীয়া ভাষাত আজিলৈকে সেয়া উপলব্ধ নহয় ৷ ইয়াৰ অন্যতম কাৰণ হ’ল ইণ্টাৰনে’টত অসমীয়া সমলৰ অভাৱ ৷কোম্পানীবিলাকে ভাবে যে যিহেতু ইণ্টাৰনে’টত অসমীয়া ভাষা  লিখা বা পঢ়া বেছি মানুহ নাই, গতিকে এই ভাষাটোক গুৰুত্ব দি লাভ নাই ৷আমি যদি ভৱিষ্যতে Google, FaceBook আদি চাইটবিলাক অসমীয়াত চাব বিচাৰোঁ, তেন্তে আমি বিশেষ একো কৰিব নালাগে-অসমীয়া য়ুনিক’ডেৰে ইণ্টাৰনে’ট ভৰাই পেলাব লাগে ৷

          গতিকে আহক, আমি ইউনিক’ডত অসমীয়া লিখিবলৈ শিকোঁ আৰু এই তথ্য-প্ৰযুক্তিৰ যুগতো অসমীয়া ভাষাটোক জীয়াই ৰাখোঁ ৷

 

2 Responses to “ইউনিক’ডত অসমীয়া লিখা : এটি চমু আলোচনা”

  1. Ikhtiara says:

    is really a great & noble approach 4 d entire Assamese community world-over

  2. অচ্যন্ত says:

    আপোনাৰ কথা খিনিৰ লগত মই সহমত। মই বৰ্ত্তমানে ইউনিক্স kernelৰ CentOS versionটো ব্যৱহাৰ কৰিবলৈ লৈছো। আশাকৰো ৰ’দালিৰ linux versionটো CentOS তো ব্যৱহাৰ যোগ্য হব। যদি কিবা অসুবিধা পাও, আপোনাৰ সহায় বিচাৰিম:-)

Leave a Reply to Ikhtiara Cancel reply

Your email address will not be published. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>