Society for Language Technology Development, Assam

অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক ৰূপ আৰু ইয়াৰ স্বতন্ত্ৰতাঃ এক ঐতিহাসিক বিশ্লেষণ

  • ড° ভাস্কৰজ্যোতি শৰ্মা

আধুনিক ভাষাবিজ্ঞানৰ দৃষ্টিত ধ্বনিতত্ত্বই হৈছে ভাষাৰ প্ৰাথমিক উপাদান। কিন্তু ভাষা একোটাৰ বিৱৰ্তনৰ ধাৰা বিশ্লেষণ কৰিবলৈ যাওঁতে ধ্বনিতাত্ত্বিক পৰিৱৰ্তনৰ দিশটো বিশ্লেষণ কৰাটো যথেষ্ট কঠিন। ইয়াৰ প্ৰধান কাৰণ হ’ল- বিভিন্ন সময়ৰ ধ্বনিতাত্ত্বিক সমলৰ অভাৱ। এই ক্ষেত্ৰত কেৱল লিখিত সমলৰ সহায় লোৱাৰ বাহিৰে অন্য উপায় পোৱাটো কঠিনেই নহয়, বহু ক্ষেত্ৰত অসম্ভবো হয়। ধ্বনিতাত্ত্বিক সমলৰ অবিহনে ভাষা এটাৰ উচ্চাৰণৰ বিৱৰ্তন অধ্যয়ন কৰিবলৈ যাওঁতে প্ৰধানকৈ তিনিটা দিশৰ ওপৰত দৃষ্টি দিবলগীয়া হয়, সেই তিনিটা হ’ল-

১)     ভাষাটোৰ মূলৰূপৰ ধ্বনিসংস্থাপনৰ ৰীতি।

২)     সমমূলীয় আৰু সমগোত্ৰীয় ভাষাৰ ধ্বনিতাত্ত্বিক ৰূপ।

৩)     বিভিন্ন সময়ৰ ভাষাৰ নিদৰ্শনত পোৱা শব্দৰ ধ্বনিতাত্ত্বিক পৰিৱৰ্তন।

ওপৰত উল্লেখ কৰা দিশ তিনিটাৰ তৃতীয়টো দিশৰ ক্ষেত্ৰত, শব্দবোৰৰ লিখিত ৰূপত প্ৰকাশ পোৱা আখৰৰ পৰিৱৰ্তনৰ ওপৰত নজৰ দিয়া হয়। এই তিনিটা দিশৰ ওপৰত নিৰ্ভৰ কৰিয়েই অসমীয়া ভাষাৰ ধ্বনি-পৰিৱৰ্তনৰ ধাৰাটো বিশ্লেষণ কৰিব পৰা যায়।

অসমীয়া ভাষা মূল বৈদিক সংস্কৃতৰ পৰা ঐতিহাসিক বিৱৰ্তনৰ ফলত উদ্ভব হোৱা ভাষা হ’লেও ইয়াৰ বৰ্তমান ৰূপৰ ধ্বনিতাত্ত্বিক বৈশিষ্ট্যই বৈদিক-সংস্কৃতীয়া ৰূপৰ পৰা ভালেখিনি ফালৰি কাটি আহে। সেইদৰে ভাৰতীয় আৰ্য ভাষাকো আকৌ মূল ইণ্ডো-ইউৰোপীয়া ভাষা পৰিয়ালৰ অন্তৰ্গত বুলি ধৰা হয়। অৱশ্যে নব্য-ভাৰতীয় আৰ্য ভাষাৰ সকলোবোৰ ভাষাই বৈদিক সংস্কৃতৰ সকলোবোৰ ৰূপ ধৰি ৰখা নাই, তত্স্বত্তেও, অসমীয়া ভাষাৰ বৰ্তমানৰ ধ্বনিতাত্ত্বিক বৈশিষ্ট্যই নব্য-ভাৰতীয় আৰ্য ভাষাসমূহৰ পৰাও ভালেখিনি ফালৰি কাটি আহি আজিৰ পৰ্যায়ৰ স্বতন্ত্ৰতা লাভ কৰিছে।  এই ক্ষেত্ৰত উল্লেখনীয় কথাটো হ’ল- সংস্কৃত ভাষাটোও আধুনিক ভাষাবোৰৰ দৰে বৈদিক সংস্কৃতৰ পৰা বিৱৰ্তিত হোৱা এটা ভাষাহে, মাথোন ইয়াৰ বিকাশ আধুনিক ভাৰতীয় ভাষাবোৰতকৈ আগতে হৈছে। এতিয়া, ওপৰত উল্লেখ কৰা দিশকেইটাৰ ভিতৰত প্ৰথম দিশটোৰ আধাৰত বৈদিক সংস্কৃতৰ ধ্বনি-সংস্থাপনৰ ৰীতি বিশ্লেষণ কৰি চাব পাৰি।

প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত সমগোত্ৰীয় ভাষা কিছুমানৰ (যেনে- গ্ৰীক, লাটিন, সংস্কৃত আদি) প্ৰাচীন ৰূপৰ নিদৰ্শনৰ ভিত্তিত মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ ধ্বনি-সংস্থাপনৰ ৰীতি তলত দিয়া ধৰণে অনুমান কৰি লোৱা হয়-

স্বৰধ্বনি-      ৩১ টা

ব্যঞ্জনধ্বনি-    ৪০ টা

স্বৰধ্বনিসমূহৰ ভিতৰত ১১টা মৌলিক স্বৰ, ৮ টা অৰ্ধব্যঞ্জন আৰু ১২ টা যৌগিক স্বৰ আছিল। পৰিৱৰ্তনৰ সোঁতত এই ৩১ টা স্বৰধ্বনিৰ ভিতৰত সংস্কৃতত ১৪টা স্বৰধ্বনিহে ৰক্ষিত হয়। কিন্তু মূলত থকা দীৰ্ঘ অৰ্ধস্বৰ ‘৯’ ৰ প্ৰয়োগৰ নিদৰ্শন নোপোৱাৰ বাবে সংস্কৃতত স্বৰধ্বনি ১৩টা বুলিও দেখুওৱা হয়। তথাপি অন্য সকলোবোৰ স্বৰধ্বনিৰে দীৰ্ঘৰূপ পোৱাৰ বাবে পানিনিয়ে ইয়াৰো দীৰ্ঘৰূপ থকা বুলি উল্লেখ কৰি সংস্কৃতত ১৪টা স্বৰধ্বনি থকাৰ কথা উল্লেখ কৰে।

সেইদৰে, মূল ইণ্ডো ইউৰোপীয় ভাষাৰ ৪০টা ব্যঞ্জনধ্বনিক কণ্ঠ্য (glottal), পশ্চতালব্য (velar) আৰু কণ্ঠ্য-পশ্চতালব্য (labio-velar)এই তিনিশ্ৰেণীত ভাগ কৰা হৈছিল। কালক্ৰমত কণ্ঠ্য-পশ্চতালব্য ধ্বনিসমূহ লোপ পাই সংস্কৃতত কণ্ঠ্য ধ্বনিসমূহ ৰক্ষিত হয় আৰু অন্য উত্সৰ পৰা তালব্য ধ্বনিসমূহৰ উত্পত্তি হয়। সেইদৰে সংস্কৃতত পোৱা মূৰ্ধন্য ধ্বনিসমূহ পৰৱৰ্তী কালত ড্ৰাবিড়ীয় ভাষাৰ পৰা অহা ধ্বনি।

উচ্চাৰণৰ ধৰণ অনুসৰি বিচাৰ কৰিলে দেখা যায় যে, সংস্কৃতত পোৱা নাসিক্য ধ্বনিবোৰৰ ভিতৰত ‘ম’ আৰু ‘ন’ মূল ইণ্ডো-ইউৰোপীয় ভাষাৰ পৰাই ৰক্ষিত হৈছে, যদিও “‘ঙ’ আৰু ঞ মূলৰ নহয়; এই দুইবিধ ধ্বনি ‘ন’ ধ্বনিৰেই অৱস্থানভেদ বুলি অনুমান কৰা হৈছে, মাত্ৰ সমধৰ্মী স্পৰ্শধ্বনিৰ লগত যোগ হ’ল, অৰ্থাত্ ঙ্ +কণ্ঠ্যবৰ্ণ, ঞ+তালব্যবৰ্ণ।” অৰ্থাৎ ‘ঙ’ আৰু ‘ঞ’ মূল ইণ্ডো-ইউৰোপীয় ভাষাত দুটা উপধ্বনিহে আছিল, কালক্ৰমত এই উপধ্বনি দুটা সংস্কৃতত বৰ্ণৰূপে প্ৰতিস্থিত হ’ল। তলত সংস্কৃতৰ স্বৰ আৰু ব্যঞ্জনবৰ্ণসমূহ অসমীয়া আখৰেৰে দেখুওৱা হ’ল-

স্বৰধ্বনি

মৌলিক স্বৰঃ                                যৌগিক স্বৰঃ  এ, ও, ঐ, ঔ

হ্ৰস্ব-   অ, ই, উ

দীৰ্ঘ-   আ, ঈ, ঊ

অৰ্ধ-ব্যঞ্জনঃ

হ্ৰস্ব-   ঋ, ৯

দীৰ্ঘ-   ৠ, ৡ

 ব্যঞ্জন ধ্বনি

পশ্চতালব্য     -       ক, খ, গ, ঘ, ঙ

তালব্য         -       চ্, ছ্, জ্, ঞ্

মূৰ্ধণ্য          -       ট, ঠ, ড, ঢ, ণ,

দন্ত্য           -       ত, থ, দ, ধ, ন

ঔষ্ঠ্য           -       প, ফ, ব, ভ, ম

অন্তঃস্থ        -       য়, ৰ, ল, ৱ

ইণ্ডো-ইউৰোপীয় ভাষাৰ ৪০ টা ব্যঞ্জন ধ্বনিৰ বিৱৰ্তন ঘটি সংস্কৃতত ৩৩ টা ব্যঞ্জন ধ্বনি ৰক্ষিত হয়।

 প্ৰাকৃত স্তৰঃ

পৰৱৰ্তী কালত, অৰ্থাৎ প্ৰাকৃত স্তৰত ঘটা ধ্বনিতাত্ত্বিক পৰিৱৰ্তনসমূহ এনে ধৰণৰ-

সংস্কৃতৰ স্বৰধ্বনিত পোৱা হ্ৰস্ব-দীৰ্ঘৰ মাত্ৰাভেদ প্ৰাকৃতত পৰিৱৰ্তন ঘটিল। প্ৰাকৃতত অ, ই, এ, ও আৰু উ এই কেইটা হ্ৰস্ব ধ্বনিৰূপে আৰু আ, ঈ আৰু ঊ, এই ধ্বনিকেইটা দীৰ্ঘস্বৰৰূপে প্ৰয়োগ ঘটিল।

সংস্কৃতৰ ১৪টা স্বৰধ্বনিৰ সলনি প্ৰাকৃতত আঠোটা স্বৰধ্বনিৰহে প্ৰয়োগ থাকিল।

সংস্কৃতত বৰ্ণগত মূল্য থকা ঐ আৰু ঔ এই যৌগিক স্বৰ দুটা প্ৰকৃত স্তৰত লুপ্ত হৈ একক স্বৰত পৰিণত হয়।

মাগধী প্ৰাকৃতৰ বাহিৰে প্ৰাকৃতৰ সকলোবোৰ শাখাতে ‘শ, ষ, স’ ভিতৰত স ৰ প্ৰয়োগহে ৰক্ষিত হৈছিল।

‘ল’ ধ্বনি দন্ত্য পাৰ্শ্বিক ৰূপে প্ৰয়োগ হৈছিল।

‘ৰ’ ধ্বনি কম্পিত মূৰ্ধণ্য ৰূপত প্ৰয়োগ হৈছিল।

সংস্কৃতৰ ‘য়’ৰ প্ৰয়োগ পালিত পোৱা গ’লেও প্ৰাকৃতত ই ‘য’ লৈকে পৰিৱৰ্তিত হয়। আৰু বেছিভাগ ক্ষেত্ৰতে য় শ্ৰুতিৰূপে প্ৰয়োগ হবলৈ ধৰিলে।

ড় আৰু ঢ় ৰ প্ৰয়োগ প্ৰাকৃতত পোৱা নাযায়।

অসমীয়া ভাষাৰ ধ্বনিতত্ত্বঃ অসমীয়া ভাষাত আঠোটা বিশিষ্ট স্বৰধ্বনি পোৱা যায়। কিন্তু অসমীয়া স্বৰৰ আখৰমালাত ১১ টা আখৰ দেখুওৱা হয়। প্ৰকৃতত প্ৰয়োগ হোৱা আঠোটা স্বৰধ্বনিৰ উচ্চাৰণৰ সৈতেও অসমীয়া ভাষাত প্ৰয়োগ হোৱা স্বৰধ্বনিৰ স্পষ্ট পাৰ্থক্য আছে। এই আখৰসমূহৰ ভিতৰত সংস্কৃত উচ্চাৰণ অনুসৰি ই আৰু উ ৰ উচ্চাৰণ ৰক্ষিত হৈছে বুলি কোৱা হয় যদিও সূক্ষ্মভাবে বিচাৰ কৰি চালে এই দুটা ধ্বনিৰ উচ্চাৰণৰ ক্ষেত্ৰতো সংস্কৃত-উচ্চাৰণৰ সৈতে পাৰ্থক্য বিচাৰি পোৱা যায়।

জিভাৰ উচ্চতা আৰু অৱস্থান অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি-

Table                  সন্মুখ                  কেন্দ্ৰীয়               পশ্চ

উচ্চ                         ই                                                   উ

উচ্চমধ্য                 এ’                                                  ও

নিম্নমধ্য                  এ

নিম্নাভাষ                                                                      অ’

নিম্ন                                                    আ

অসমীয়া ভাষাৰ বৰ্তমানে উচ্চাৰণ হোৱা বিশিষ্ট ব্যঞ্জনধ্বনিসমূহ তলত দিয়া ধৰণে দেখুৱাব পাৰি-

বৈদিক সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেৰে নব্য-ভাৰতীয় আৰ্য ভাষাৰ স্তৰৰ অসমীয়া ভাষাটোৰ ভালেখিনি ধ্বনিতাত্ত্বিক পৰিৱৰ্তন ঘটিল। এই পৰিৱৰ্তনৰ ফলত অসমীয়াৰে সমগোত্ৰীয় ভাষা- বাংলা, উড়ীয়া আদি ভাষাৰ পৰাও অসমীয়া ভাষাৰ ধ্বনি-উচ্চাৰণ প্ৰক্ৰিয়াত যথেষ্ট পাৰ্থক্য দেখা গ’ল। উদাহৰণ স্বৰূপে ক’ব পাৰি যে-

সংস্কৃতৰ বৰ্ণগত মূল্য থকা যৌগিক স্বৰ- ঐ আৰু ঔ অসমীয়া ভাষাত ‘অ’ই’ আৰু ‘অ’উ’ এইধৰণে দুটা স্বৰৰ সংযুতিত পৰিণত হ’ল। কিন্তু বাংলা আৰু উৰীয়াত ই ‘ওই’ আৰু ‘ওউ’ ৰূপে উচ্চাৰিত হ’ল। বাক্য

সংস্কৃতৰ ‘ঋ’ স্বৰধ্বনিৰ গুণেৰে উচ্চাৰণ হৈছিল। উড়ীয়া ভাষাত ইয়াৰ কিছু লক্ষণ ৰক্ষিত হ’লেও অসমীয়া ই সম্পূৰ্ণৰূপে ‘ৰি’ হৈ পৰিল।

অসমীয়াত স্বৰধ্বনিৰ দীৰ্ঘৰূপ নাইকীয়া হ’ল।

সংস্কৃতৰ নিম্ন-পশ্চ স্বৰধ্বনি ‘অ’ বাংলা আৰু উৰীয়াত নিম্নাভাষ ‘অ’’ ৰূপে উচ্চাৰিত হ’ল, কিন্তু অসমীয়াত নিম্ন পশ্চ ‘অ’ স্বৰধ্বনিৰ লগতে এটা নিম্নাভাষ ‘অ’’ স্বৰধ্বনিও বিশিষ্টৰূপত পোৱা গ’ল।

নব্য-ভাৰতীয় আৰ্য ভাষাসমূহত সংস্কৃতৰ ব্যঞ্জনধ্বনিসমূহৰ ধ্বনিগুণৰ পৰিৱৰ্তন ঘটিল। কিছুমান ভাষাত ভালেকেইটা ব্যঞ্জন ধ্বনিয়ে সমৰূপতা লাভ কৰিলে। উল্লেখযোগ্য যে অসমীয়া ভাষাই ধ্বনিৰ উচ্চাৰণৰ ক্ষেত্ৰত অন্যান্য নব্য-ভাৰতীয় আৰ্য ভাষাসমূহৰ পৰাও ভালেখিনি আঁতৰি আহিল। উদাহৰণ স্বৰূপে-

সংস্কৃতৰ দন্ত্য আৰু মূৰ্ধণ্য স্পৰ্শ ধ্বনিৰ ঠাইত অসমীয়াত কেবল দন্ত্যমূলীয় একশ্ৰেণী ব্যঞ্জন ধ্বনিৰ ব্যৱহাৰহে থাকিল। কিন্তু উড়ীয়া ভাষাত সম্পূৰ্ণৰূপে দন্ত্য-মূৰ্ধণ্যৰ পাৰ্থক্য ৰক্ষিত হ’ল আৰু বাংলা ভাষাতো ইয়াৰ প্ৰভাব থাকিল।

সেইদৰে বাংলা আৰু উড়ীয়া ভাষাত অসমীয়া ভাষাৰ দৰে বিশুদ্ধ মহাপ্ৰাণ ধ্বনিৰ উচ্চাৰণ নহয়। এই দুটা ভাষাৰ মহাপ্ৰাণ ধ্বনিৰত উষ্ম গুণৰ প্ৰভাৱ স্পষ্ট হৈ থাকে।

সংস্কৃতৰ তালব্য, মূৰ্ধণ্য আৰু দন্ত্য উষ্ম ধ্বনিসমূহৰ গুণ বাংলা আৰু উড়ীয়াত ভালেখিনি ৰক্ষিত হ’ল, কিন্তু অসমীয়া ভাষাত এই তিনিটা ধ্বনি সমৰূপতা লাভ কৰাতেই সীমাবদ্ধ নাথাকিল, ইয়াৰ উচ্চাৰণৰ স্থানো সলনি হৈ পশ্চতালব্য উষ্মৰূপে উচ্চাৰিত হ’বলৈ ধৰিলে।

ওপৰত অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিৱৰ্তন আৰু ভাৰতীয় পটভূমিত ইয়াৰ স্বতন্ত্ৰতা সম্পৰ্কে অতি সংক্ষিপ্ত ৰূপত আলোচনা কৰা হ’ল।

 

উৎস-

পালি প্ৰাকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য, নগেন ঠাকুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>