Society for Language Technology Development, Assam

অসমীয়া ভাষাৰ অভিধান চৰ্চাৰ ইতিহাস

  • স্মৃতি ডেকা খাউণ্ড

অভিধান হৈছে এনে এখন গ্ৰন্থ,য’ত কোনো এটা ভাষাৰ শব্দসাৰসমূহ বৰ্ণানুক্ৰমিক ভাৱে সজাই তাৰ বানান,উচ্চাৰণ,পদ-পৰিচিতি,ব্যুৎপত্তি ৰূপসাধন আৰু অৰ্থৰ যথাযথ বৰ্ণনা সংক্ষেপে দাঙি ধৰা হয় ।সাধাৰণ অৰ্থত অভিধান হৈছে কোনো এটা ভাষাৰ শব্দসমূহৰ অৰ্থ থকা পুথি।এক কথাত অভিধান হ’ল শব্দৰ ভঁৰাল।

অসমীয়া ভাষাৰ অভিধান প্ৰণয়নৰ ইতিহাস বৰ বেছি পুৰণি নহয় । আমেৰিকাৰ পৰা খীষ্টধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ অহা বেপিষ্ট মিছনেৰী মাইলছ ব্ৰন্সনৰ হাততহে উনবিংশ শতিকাত অসমীয়া ভাষাৰ অভিধান প্ৰণয়নৰ ইতিহাসৰ শুভাৰম্ভ হয়।অৱশ্যে ইয়াৰ আগতেই অসমত অভিধান প্ৰণয়নৰ বীজ ৰোপণ হোৱাৰ সম্ভেদ পোৱা যায় ।খ্ৰীষ্টাব্দ ১৭৯৫তে স্বৰ্গদেৱ গৌৰীসিংহৰ দিনতে তেওৰ পৃষ্ঠপোষকতাত টেঙাই পণ্ডিতে ‘বৰ অম্ৰ’ আৰু ৰমাই মোহন বৰুৱাই ‘লতি অম্ৰ’ ৰচনা কৰে ।টাই লিপিত লিখা অভিধান দুখনত টাই ভাষাৰ শব্দসমূহৰ অৰ্থ অসমীয়াত দিয়া হৈছে।

১৮১০ চনত ৰুচীনাথ কামৰূপীয়ে ‘অসমীয়া কামৰুপী অভিধান’ শীৰ্ষক এখন অভিধান প্ৰণয়ন কৰিছিল,অৱশ্যে সেইখন অপ্ৰকাশিত । ৰুচীনাথ কামৰূপীৰ উপৰিও জাদুৰাম ডেকাবৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকনেও অভিধান প্ৰণয়নৰ কামত হাত দিছিল । আনন্দৰাম ঢেকিয়াল ফুকনৰ অভিধানৰ কিছু অংশ ‘অৰুণোদই’ত (১৮৫৬,ডিচেম্বৰ) প্ৰকাশ হৈছিল বুলিও জনা যায় ।

অৱশ্যে সেয়া হ’লেও অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন অভিধান হ’ল মাইলছ ব্ৰন্সছনৰ ‘অচমিয়া আৰু ইংৰাজি অভিধান’ (A Dictionary of Assamese and English )। ১৮৬৭ চনত প্ৰকাশিত দ্বিভাষিক অভিধানখনে অসমীয়া ভাষাৰ অভিধান প্ৰণয়নৰ ইতিহাসৰ শুভাৰম্ভ কৰে ।

অসমীয়া ভাষাৰ অভিধান প্ৰণয়নৰ ইতিহাসক তিনিটা স্তৰত ভাগ কৰি ল’ব পাৰি,যেনে-

১)উনবিংশ শতিকাৰ অভিধান চৰ্চা

২)বিংশ শতিকাৰ অভিধান চৰ্চা

৩)একবিংশ শতিকাৰ অভিধান চৰ্চা ।

উনবিংশ শতিকাৰ অভিধান চৰ্চা:

 উনবিংশ শতিকাত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথমখন আৰু একমাত্ৰ অভিধানখন হৈছে মাইলছ ব্ৰন্সছনৰ ‘অচমিয়া আৰু ইংৰাজি অভিধান’(A Dictionary of Assamese and English) ।১৮৬৭ চনত প্ৰকাশিত এই অভিধানখনে অসমীয়া অভিধান প্ৰণয়নৰ বাট মুকলি কৰে ।অভিধানখনৰ শব্দ সংগ্ৰহৰ উৎস আছিল লোকসাধাৰণৰ মুখৰ ভাষা,পুৰণি বুৰঞ্জী আৰু অৰুণোদই আলোচনীত ব্যৱহৃত শব্দাৱলী ।অভিধানখনৰ প্ৰধান প্ৰধান বৈশিষ্ট্য কিছুমান হ’ল-

১) অভিধানখনত সন্নিবষ্ট শব্দসাৰৰ সংখ্যা ১৪০০০

২) শব্দসমূহ বৰ্ণানুক্ৰমিকভাৱে দিয়াৰ লগতে সেইবোৰৰ বানান উচ্চাৰণ অনুসৰি দিয়া হৈছে ।

৩) প্ৰতিটো শব্দৰে অসমীয়া আৰু ইংৰাজী অৰ্থ দিয়া হৈছে যদিও তাৰ ব্যুৎপত্তি আৰু প্ৰয়োগৰ উদাহৰণ নাই ।

      ৪)অভিধানখনত প্ৰতিটো স্বৰ বা ব্যঞ্জনৰে শব্দাৱলী আৰম্ভ কৰাৰ আগতে সেই স্বৰৰ মূখ্য ৰূপ (আ,ই,ঈ,উ আদি) আৰু তাৰ গৌণ ৰূপ, ব্যঞ্জনধ্বনি আৰু তাৰ উচ্চাৰণ,শব্দৰ বিভিন্ন স্থানত ধ্বনিটোৱে কি ৰূপ লয় আদি বিভিন্ন তথ্যৰ পৰিচয়  দাঙি ধৰিছে আৰু সেই পৰিচয়সূচক কথাখিনি ইংৰাজীত লিখি অনা-অসমীয়া বিশেষকৈ ইংৰাজী শিকাত সহায় কৰিছে ।

৫) ‘ৱ’ ৰ ব্যৱহাৰ সীমিত ।হ’বলগা ঠাইতো ‘আ’ৰ ব্যৱহাৰ কৰিছে । যেনে-পোআ, নোপোআ ।

৬) বৰ্ণবিন্যাসৰ ক্ষেত্ৰত অৰুণোদই’ৰ উচ্চাৰণভিত্তিক বৰ্ণবিন্যাসৰ ৰীতি গ্ৰহণ কৰিছে ।

বিংশ শতিকাৰ অসমীয়া ভাষাৰ অভিধান চৰ্চা :

বিংশ শতিকাক অসমীয়া অভিধানৰ বিকাশ আৰু বিস্তাৰৰ যুগ বুলি ক’ব পাৰি ।এই সময়ছোৱাত প্ৰকাশিত অভিধানক দুটা ভাগত ভাগ কৰিব পাৰি ।

যেনে- ১)সাধাৰণ অভিধান

২)বিশিষ্ট অভিধান

    যি অভিধানত কোনো এটা ভাষাৰ ভাষা-ভাষীসকলে বুজিব পৰাকৈ সেই ভাষাৰ অন্তগৰ্ত্ত বিভিন্ন শব্দসমূহৰ উচ্চাৰণ,বানান,ব্যুৎপত্তি,উদাহৰণ আদি সেই ভাষাত দাঙি ধৰি শব্দসমূহৰ অৰ্থ সেই ভাষাতে বা সেই ভাষাটোৰ লগতে আন এটা বা ততোধিক ভাষাত দিয়া হয় তাকে সাধাৰণ অভিধান বুলি ক’ব পাৰি ।

হেমকোষ :

    বিংশ শতিকাত প্ৰকাশিত প্ৰথমখন অভিধান হৈছে হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ ।হেমকোষখন ১৯০০ চনত প্ৰকাশ পায় ।ইয়াৰ শব্দ সংখ্যা ২২,৩৪৬ টা ।এইখন এখন দ্বিভাষিক অভিধান ।

    হেমকোষখনত শব্দসাৰৰ উচ্চাৰণ দিয়া হোৱা নাই ।অৱশ্যে বৰ্ণবিন্যাসৰ নীতি,পঢ়ুৱৈৰ প্ৰতি নিৰ্দেশিকা আদি স্পষ্টভাৱে দিয়া হৈছে ।‘হেমকোষ’ত বৰ্ণবিন্যাসৰ ক্ষেত্ৰত তিনিটা নীতিৰ কথা উল্লেখ আছে ।যেনে-

১) উচ্চাৰণ অনুসৰি

২) মূল শব্দ অনুসৰি

৩) জনালোকে বহুদিন চলোৱা নিয়ম অনুসৰি ।

পঢ়ুৱৈৰ প্ৰতি নিৰ্দেশিকা এনেদৰে দিয়া হৈছে-

১) বৰ্ণবিন্যাসৰ নিয়মবিলাক

২) উচ্চাৰণ

৩) উচ্চাৰণৰ চিনবিলাক

৪) শব্দবিলাকৰ অৰ্থৰ চিন

৫) অপভ্ৰংশ শব্দ

৬) লিংগ

৭) সংক্ষিপ্ত চিনৰ প্ৰয়োগ ।

    হেমকোষৰ উপৰিও হেমচন্দ্ৰ বৰুৱাই আৰু দুখন অভিধান প্ৰণয়ন কৰিছিল-‘সংক্ষিপ্ত হেমকোষ’ আৰু ‘পঢ়াশালীয় অভিধান’(১৯০৬) ।সংক্ষিপ্ত হেমকোষত শব্দসাৰৰ উ স আৰু অসমীয়া আৰু ইংৰাজী সমাৰ্থক শব্দ দিয়া হৈছে ।আনহাতে পঢ়াশালীয় অভিধানত কেৱল সেই সময়ৰ পঢ়াশালিসমূহত চলা পাঠ্যপুথিৰ অন্তভুৰ্ক্ত শব্দসাৰৰ অসমীয়া অৰ্থ দিয়া হৈছে ।

চন্দ্ৰকান্ত অভিধান :

     ১৯৩৩ চনত অসমীয়া ভাষাৰ তৃতীয়খন পূৰ্ণাংগ অভিধান ‘চন্দ্ৰকান্ত অভিধান’ প্ৰকাশ পায় ।এইখন এখন দ্বিভাষিক অভিধান ।১৯৬২ চনত অভিধানখনৰ দ্বিতীয় আৰু ১৯৮৭ চনত অভিধানখনৰ তৃতীয় খণ্ড প্ৰকাশ পায় ।চন্দ্ৰকান্ত অভিধানৰ প্ৰথম তাঙৰণৰ শব্দ সংখ্যা আছিল ৩৬,৮১৯ ।অভিধানখনৰ ঘাই ধৰণী হেমকোষ বুলি অভিধানখনৰ পাতনিত উল্লেখ কৰা হৈছে ।অভিধানখনত শব্দসাৰসমূহৰ অৰ্থ ব্যাখা দিয়াৰ লগতে উদ্ধৃতি,ফকৰা-যোজনা,বাক্য আদিৰ জৰিয়তে উদাহৰণ দাঙি ধৰা হৈছে ।অভিধানখনৰ আখৰ-জোঁটনি,বৰ্ণক্ৰম,অৰ্থ আদি সকলোতে ‘হেমকোষ’ৰ নীতি মানি চলিছে যদিও কোনো কোনো দিশত ‘হেমকোষ’তকৈ বেলেগ হৈছে,যেনে-নামনিত প্ৰচলিত শব্দসমূহ অন্তভূৰ্ক্ত কৰোঁতে হেমকোষৰ দৰে ‘নামনি’ বুলি উল্লেখ কৰা হোৱা নাই ।উল্লেখযোগ্য যে অভিধানখনৰ পাতনিত অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে পুংখানুপুংখ বিৱৰণ দাঙি ধৰা হৈছে ।

অসমীয়া অভিধান :

১৯৫২ চনত গিৰিধৰ শৰ্মাৰ ‘অসমীয়া অভিধান’ প্ৰকাশ পায় । অভিধানখনৰ পাতনিত ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’আশ্ৰয়তে এই অভিধানখন ঠন ধৰি উঠাৰ কথা উল্লেখ কৰাৰ লগতে কেইবাখনো সংস্কৃত,বঙলা আৰু ইংৰাজী অভিধানৰ সহায় লোৱাৰ কথা উল্লেখ কৰিছে । অভিধানখনৰ প্ৰথম সংস্কৰণত মুঠ শব্দৰ সংখ্যা ৩৬,৮৮৮ টা ।২০০৯ লৈ ‘অসমীয়া অভিধান’ৰ ৯ টা সংস্কৰণ প্ৰকাশ পাইছে ।

ব্যৱহাৰিক শব্দকোষ :

১৯৭১ চনত সত্যেন্দ্ৰনাথ শৰ্মা আৰু নৰেন্দ্ৰনাথ শৰ্মাৰ সম্পাদনাত ‘ব্যৱহাৰিক শব্দকোষ’ প্ৰকাশ পায় ।অভিধানখনৰ পাতনিত অভিধানখন প্ৰণয়ন কৰোতে কেইবাখনো অভিধানৰ লগতে ‘চন্দ্ৰকান্ত অভিধান’ ৰ সহায় লোৱাৰ কথা উল্লেখ কৰিছে ।তদুপৰি শিক্ষক, ছাত্ৰ, সাধাৰণ পঢ়ুৱৈ আদি সকলোৰে উপযোগী আধুনিক অসমীয়া অভিধানৰ অভাৱ পূৰণ কৰাৰ উদ্দেশ্যৰে অভিধানখন প্ৰণয়ন কৰা হৈছিল বুলিও পাতনিত উল্লেখ কৰা হৈছে ।অভিধানখনত প্ৰবিষ্টিসমূহৰ অৰ্থ অসমীয়াত দিয়া হৈছে আৰু এই অৰ্থ সংজ্ঞা, প্ৰতিশব্দ আৰু বৰ্ণনাৰ জৰিয়তে দিয়া হৈছে ।

আধুনিক অসমীয়া অভিধান :

    ১৯৭৭ চনত অসম প্ৰকাশন পৰিষদৰ সৌজন্যত মহেশ্বৰ নেওগ,ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাৰ সম্পাদনাত ‘আধুনিক অসমীয়া অভিধান’ প্ৰকাশ পায় ।অভিধানখনত প্ৰায় ২৬,০০০ শব্দ অন্তৰ্ভূক্ত কৰা হৈছে ।অপ্ৰচলিত পুৰণি পুথিৰ শব্দবোৰ  পাৰ্যমানে বাদ দি আধুনিক অসমীয়া ভাষাৰ শব্দ অন্তৰ্ভূক্ত কৰাৰ যত্ন কৰা হৈছে বুলি ভূমিকাত উল্লেখ কৰা হৈছে ।এইখন এখন একভাষিক অভিধান ।অভিধানখনত সংজ্ঞা আৰু প্ৰতিশব্দৰ জৰিয়তে শব্দসমূঅহৰ অৰ্থ কেৱল অসমীয়াত দিয়া হৈছে ।

     অভিধানখনত ৰেফযুক্ত দ্বিত ব্যঞ্জনৰ দ্বিত বৰ্জন কৰা হৈছে ।দেশী-বিদেশী সকলো শব্দতে ‘ই’ কাৰ ব্যৱহাৰ কৰা হৈছে, যেনে-লটাৰি,মেকুৰি,উকিল,কাউৰি ইত্যাদি ।

আধুনিক অসমীয়া শব্দকোষ :

১৯৭১ চনত বাণী মন্দিৰৰ দ্বাৰা প্ৰকাশিত সুমন্ত চলিহাৰ ‘আধুনিক অসমীয়া শব্দকোষ’ হ’ল বিংশ শতিকাৰ এখন উল্লেখযোগ্য অভিধান ।এইখন এখন দ্বিভাষিক অভিধান । অভিধানখনৰ পটভূমিকাত উল্লেখ থকা মতে ইয়াত অন্তৰ্ভূক্ত কৰা শব্দবোৰ বিজ্ঞান,কলা,দৰ্শন,ৰাজনীতি আদি বিষয়ক,পূৰ্বৰ অভিধান আৰু বিভিন্ন গ্ৰন্থৰ পৰা সংগৃহীত।

     অভিধানখনত ৩৫,২১১ টা শব্দ সন্নিবিষ্ট কৰা হৈছে ।শব্দবোৰৰ অৰ্থ অসমীয়া আৰু ইংৰাজী দুয়োটাতে দিয়াৰ লগতে ব্যাকৰণৰ সম্ভেদ আৰু চিত্ৰৰ সংযোগ কৰা হৈছে ।আখৰ জোঁটনিৰ ক্ষেত্ৰত দেখা দিয়া কেইটামান বৈশিষ্ট্য হ’ল, যেনে-ৰেফযুক্ত দ্বিত ব্যঞ্জনৰ দ্বিত বৰ্জন কৰিছে,যেনে-সূৰ্য,কাৰ্য; কিছুমান শব্দত ৰেফৰ সলনি ‘ৰ’ ব্যৱহাৰ কৰাৰ লগতে বিকল্প হিচাপে ৰেফ ব্যৱহাৰ কৰা হৈছে,যেনে-দৰজা/দৰ্জা; ‘ঙ’ সংযুক্ত শব্দত ‘ঙ’ৰ সলনি ‘ং’ৰ ব্যৱহাৰ কৰিছে যদিও বিকল্প হিচাপে ঙ ব্যৱহাৰ কৰিছে,যেনে-পংক/পঙ্ক; চ আৰু ছ’ৰ বিকল্প বানান দিছে,যেনে পাচত/পাছত ;লিপ্যন্তৰত ইংৰাজী,ধাতু,  অনুকাৰ শব্দ আদিত ব্যঞ্জনান্ত চিন প্ৰয়োগ কৰিছে,যেনে-ছিলভাৰ্‌, ধৰ্‌,ধমধম্‌ ইত্যাদি।

মণি-মাণিক অসমীয়া শব্দকোশ :

১৯৯৮ চনত উপেন্দ্ৰনাথ গোস্বামীৰ ‘মণি-মাণিক অসমীয়া শব্দকোশ’ মণি- মাণিক প্ৰকাশনৰ দ্বাৰা প্ৰকাশ পায়। এইখন এখন একভাষিক অভিধান। অভিধানখনত শব্দসমূহৰ অৰ্থৰ লগতে ব্যুৎপত্তি, ব্যাকৰণৰ নিৰ্দেশ আৰু উদাহৰণ সন্নিবিষ্ট কৰা হৈছে ।

    বিংশ শতিকাত সাধাৰণ অভিধানসমূহৰ উপৰিও কিছুমান বিশেষ দিশৰ লগত জড়িত অভিধানো প্ৰকাশ পায়, যাক বিশিষ্ট অভিধান বুলিও ক’ব পাৰি। এনে অভিধানৰ ভিতৰত চন্দ্ৰধৰ বৰুৱাৰ ‘ৰত্নকোষ-প্ৰথম খণ্ড’(১৯৬২) আৰু ‘ৰত্নকোষ-দ্বিতীয় খণ্ড’ (১৯৯৮) ; শিৱনাথ বৰ্মনৰ ‘অসমীয়া জীৱনী অভিধান’(১৯৯০,২০০৮) আৰু ‘অসমীয়া ব্যাকৰণ অভিধান’(১৯৯৫) ;শচীধৰ নাথৰ ‘প্ৰাচীন অসমীয়া শব্দকোষ’(১৯৯২) ;  আব্দুল ছাত্তাৰৰ ‘প্ৰসংগ কোষ’(১৯৮৪) ; ফণীন্দ্ৰনাৰায়ণ দত্তবৰুৱাৰ ‘অসমীয়া চিত্ৰ শব্দাৱলী’(১৯৯৪); বেণুধৰ ৰাজখোৱাৰ ‘অসমীয়া খণ্ডবাক্য কোষ’(১৯৯৭); কাছেমা খাতুনৰ ‘গোৱালপৰীয়া অভিধান’(১৯৯৮) ; সুমন্ত চলিহাৰ ‘অসমীয়া সমাৰ্থক শব্দকোষ’(১৯৯৮) ; প্ৰকাশ গোস্বামীৰ ‘অসমীয়া নামকৰণ অভিধান’(১৯৯৮) আদি উল্লেখযোগ্য ।এই অভিধানসমূহত ভাষা একোটাৰ লগত জড়িত সমগ্ৰ শব্দাৱলী সন্নিবিষ্ট নকৰি কোনো বিশেষ এটা দিশৰ, যেনে-খণ্ডবাক্য, সাহিত্য আদিৰ লগত জড়িত শব্দসাৰহে সন্নিবিষ্ট কৰা হৈছে ।

একবিংশ শতিকাৰ অসমীয়া ভাষাৰ অভিধান চৰ্চা :

একবিংশ শতিকাৰ অভিধান চৰ্চাৰ এক উল্লেখযোগ্য দিশ হৈছে বৈদ্যুতিন মাধ্যমৰ অভিধান প্ৰণয়ন ।এই সময়ছোৱাত প্ৰকাশিত অভিধানসমূহক আমি তলত দিয়া ধৰণে ভাগ কৰি ল’ব পাৰোঁ ।

যেনে-

 ১)মুদ্ৰিত অভিধান-

ক) সাধাৰণ অভিধান

খ) বিশিষ্ট অভিধান

২) বৈদ্যুতিক অভিধান-

ক) ই-বুক অভিধান

খ) অনলাইন অভিধান

গ) ছফটৱেৰ অভিধান

সাধাৰণ অভিধান :

একবিংশ শতিকাত প্ৰকাশিত মুদ্ৰিত সাধাৰণ অভিধান হৈছে চাৰিখন । যেনে-  ১)চলন্ত অভিধান

২) পঢ়াশালিৰ অসমীয়া অভিধান

৩) অসমীয়া জাতীয় অভিধান

৪) শৰাইঘাট অভিধান ।

চলন্ত অভিধান :

২০০১ চনত মহেশ্বৰ নেওগৰ মূখ্য সম্পাদনাত একবিংশ শতিকাৰ প্ৰথমখন অভিধান ‘চলন্ত অভিধান’ প্ৰকাশ পায় ।অভিধানখন অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে প্ৰকাশ কৰিছিল ।এইখন এখন দ্বিভাষিক অভিধান । ইয়াৰ শব্দ সংখ্যা হৈছে-৫১০৬২ টা ।ইয়াত অসমীয়া ভাষাৰ বৰ্তমান ৰূপটোক প্ৰতিফলিত কৰিব পৰাকৈ নতুন শব্দ,অৰ্থ আৰু বানান সামৰি লোৱাৰ চেষ্টা কৰা হৈছে ।প্ৰবিষ্টিসমূহৰ অৰ্থ অসমীয়া আৰু ইংৰাজীত দিয়াৰ হৈছে ।শব্দসমূহৰ ব্যুৎপত্তি আৰু ব্যাকৰণৰ সম্ভেদ দিয়াৰ লগতে উদাহৰণো দাঙি ধৰা হৈছে । আখৰ জোঁটনিৰ ক্ষেত্ৰত দেখা গৈছে যে  সংযুক্ত ব্যঞ্জনৰ দ্বিত বৰ্জন কৰিছে যদিও বিকল্প বানানো দিয়া হৈছে,যেনে- কাৰ্য্যকৰী/কাৰ্যকৰী ; ‘ৎ’ৰ ঠাইত ‘ত’ ৰ ব্যৱহাৰ কৰিছে ,যেনে- কৃত,  তত্‌ সম ইত্যাদি ।

পঢ়াশালিৰ অসমীয়া অভিধান :

২০০৮ চনত বাণীকান্ত শৰ্মাৰ সম্পাদনাত ‘পঢ়াশালিৰ অসমীয়া অভিধান’ প্ৰকাশ পায় ।অভিধানখন প্ৰকাশ কৰে অসম শিশু সাহিত্য ন্যাসে।

অভিধানখনৰ প্ৰবিষ্টিসমূহৰ অৰ্থ অসমীয়াত দিয়াৰ লগতে কিছুমান শব্দৰ অৰ্থ ইংৰাজীতো দিয়া হৈছে ।প্ৰবিষ্টিসমূহৰ ব্যাকৰণৰ নিৰ্দেশনা দিয়াৰ উপৰিও বাক্য,কবিতাৰ উদ্ধৃতি আৰু চিত্ৰৰ জৰিয়তেউদাহৰণ দাঙি ধৰা হৈছে।

    অভিধানখনত পঢ়ুৱৈৰ প্ৰতি নিৰ্দেশনা দিয়া হৈছে। ইয়াত বৰ্ণমালাৰ তালিকা সন্নিবিষ্ট কৰাৰ উপৰিও ঙ,ঞ,ণ,ৱ,ড়,ঢ়,য়,ৎ ,ং, ঃ ,ঁ- এই আখৰকেইটাৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ আছে ।

অভিধানখনত দেখা দিয়া কিছুমান বৈশিষ্ট্য হৈছে, যেনে-১)ৰেফৰ পিছৰ ব্যঞ্জনবৰ্ণৰ দ্বিত বৰ্জন কৰা হৈছে,যেনে-কাৰ্য।

২) যিবোৰ সমাসান্ত শব্দৰ শেষৰ পদটোৰ সুকীয়া ব্যৱহাৰ নাই সেইবোৰৰ আগত এটা –(ডেশ্ব) দিয়া হৈছে ।যেনে-শালি-পঢ়াশালি।

৩) শীৰ্ষক শব্দটো কোন শ্ৰেণীৰ তাক বুজাবলৈ বিশেষ্য(বি) , বিশেষণ(বিণ) আদি সংক্ষিপ্ত ৰূপত দিয়া হৈছে ।

৪) প্ৰবিষ্টিসমূহৰ একাধিক অৰ্থ থাকিলে প্ৰতিটো অৰ্থ বুজাবলৈ ১,২,৩, আদিকে প্ৰতিটো অৰ্থৰ আগত দিয়া হৈছে ।

৫) খণ্ডবাক্য কিছুমান দিয়া হৈছে ।

    অভিধানখনৰ শেষত কেইবাখনো পৰিশিষ্ট সন্নিবিষ্ট কৰা হৈছে । পৰিশিষ্টসমূহত বীজগণিত/পাটীগণিত,জ্যামিতি,প্ৰাণীবিদ্যা,উদ্ভিদবিদ্যা,ৰসায়ন, পদাৰ্থবিজ্ঞান,অৰ্থনীতি,ভূগোল/ভূতত্ত্ব আদি বিষয়ক বিভিন্ন শব্দ, সাংবিধানিক পৰিভাষা, সংখ্যাবাচক শব্দ,শৰীৰৰ বিভিন্ন চিত্ৰৰ সৈতে অংগৰ নাম, গুৱাহাটীৰ পৰা অসমৰ বিভিন্ন ঠাই আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ দূৰত্ব, বিভিন্ন দেশৰ পতাকা,অসমৰ জিলাকেইখন আৰু ভাৰতবৰ্ষৰ মানচিত্ৰ, পৃথিৱীৰ সাতোটা আশ্চাৰ্য আদি অন্তৰ্ভূক্ত কৰা হৈছে ।

অসমীয়া জাতীয় অভিধান :

একবিংশ শতিকাত প্ৰকাশিত আন এখন অভিধান হৈছে ‘অসমীয়া জাতীয় অভিধান’।দেবব্ৰত শৰ্মাৰ মূখ্য সম্পাদনাত প্ৰকাশিত অভিধানখনৰ প্ৰস্তাৱনা সংখ্যা বা প্ৰথম খণ্ড প্ৰকাশ পায় ২০১০ চনৰ জানুৱাৰীত।বৰ্তমানলৈ অভিধানখনৰ ৪ টা খণ্ড প্ৰকাশ পাইছে ।প্ৰচ্ছদপটত অভিধানখনক একভাষিক,সামুদায়িক,বিজ্ঞানসন্মত আৰ বিশ্বকোষীয় বুলি অভিহিত কৰছে ।বেটুপাতত অসমীয়া লিপিক স্থান দিয়া অভিধানখনৰ প্ৰবিষ্টিৰ সংখ্যা ২ লাখ ।অভিধানখনত অসমীয়া ভাষাৰ শব্দ,অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰে ভাষাৰ শব্দ,আৰবী-ফাৰ্চী আৰু ইংৰাজী ভাষাৰ শব্দকো স্থান দিয়া হৈছে ।অভিধানখনৰ আদি অংশত আগকথা,পঢ়ুৱৈৰ প্ৰতি নিৰ্দেশিকা,সংক্ষিপ্ত শব্দৰ তালিকা আদি অন্তৰ্ভূক্ত কৰা হৈছে ।

    অভিধানখনৰ প্ৰবিষ্টিসমূহৰ অৰ্থ অসমীয়া ভাষাত দিয়া হৈছে ।প্ৰতিটো প্ৰবিষ্টিৰে বিকল্প বানান,পদ,উচ্চাৰণ,ব্যুৎপত্তি, উদাহৰণ আৰু প্ৰয়োজনসাপেক্ষে বৈজ্ঞানিক পৰিভাষা আৰু চিত্ৰৰো সংযোগ কৰা হৈছে।

    ‘অসমীয়া জাতীয় অভিধান’ৰ আখৰ-জোঁটনিৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান বৈশিষ্ট্য হৈছে –

১) প্ৰস্তাৱিত সৰল বিকল্প বানান বন্ধনীৰ ভিতৰত দিয়া হৈছে ।যেনে-ক্ৰিকেট্‌(ক্ৰিকেত্‌) ।

২) ৰেফযুক্ত ব্যঞ্জনৰ দ্বিত বৰ্জন কৰিছে ।যেনে-কাৰ্য,অনাৰ্য আদি ।

         ৩) ‘ঙ্গ’,’ঙ্ক’ ৰ সৰলীকৰণ কৰা হৈছে।যেনে-অংগ, অংক আদি।

৪) বিদেশী শব্দত দন্ত্য বৰ্ণৰ শব্দ ব্যৱহাৰ কৰিছে ।যেনে-ইদেন,ইন্তাৰনেত আদি ।

৫) প্ৰায়বোৰ ব্যঞ্জনান্ত উচ্চাৰণৰ শব্দত ব্যঞ্জনান্ত চিনৰ প্ৰয়োগ কৰা হৈছে। যেনে-এলাহ্‌,অকপট্‌ আদি ।

শৰাইঘাট অভিধান :

২০১১ চনত ড° দীনেশ চন্দ্ৰ গোস্বামীৰ সম্পাদনাত ‘শৰাইঘাট অভিধান’প্ৰকাশ পায় ।শৰাইঘাট প্ৰকাশন,গুৱাহাটীৰ হৈ অভিধানখন প্ৰকাশ কৰে যোগেশ শৰ্মাই ।২০১২ চনৰ জুলাইলৈকে অভিধানখনৰ তৃতীয় সংস্কৰণ প্ৰকাশ পাইছে।

    অভিধানখনত অসমীয়া ভাষাৰ শব্দৰ লগতে দৈনন্দিক জীৱনত ব্যৱহৃত বহুতো ইংৰাজী শব্দ,বিজ্ঞান-প্ৰযুক্তিৰ লগত জড়িত শব্দ,অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষিক জনগোষ্ঠীৰ ভাষাৰ শব্দ আৰু অসমীয়া ভাষাৰ উপভাষাৰ শব্দ আদি বিভিন্ন শব্দ সামৰি লোৱা হৈছে ।অভিধানখনৰ আদি অংশত পঢ়ুৱৈৰ প্ৰতি নিৰ্দেশিকা,সাংকেতিক চিনৰ ব্যাখা আদি দিয়া হৈছে ।

    প্ৰবিষ্টিসমূহৰ অৰ্থ অসমীয়া আৰু ইংৰাজীত দিয়া হৈছে ।প্ৰবিষ্টিসমূহৰ পদ-পৰিচিতি,প্ৰয়োজন সাপেক্ষে একাধিক অৰ্থ,উদাহৰণ,চিত্ৰ আৰু বৈজ্ঞানিক নামো দিয়া হৈছে ।বিস্তৰ সংখ্যক অসমীয়া খণ্ডবাক্য আৰু যোজনা অন্তৰ্ভূক্ত কৰা হৈছে ।বিভিন্ন ভাষা-উপভাষাৰ সংস্কৃতি,বস্ত্ৰ,খাদ্য,কৃষি(মাছ ধৰাকে ধৰি), গৃহ,পূজা-অৰ্চনা,দেৱ-দেৱী বিষয়ক বছা বছা শব্দ সন্নিবিষ্ট কৰাৰ লগতে বিশ্বাস-পৰম্পৰা(পাপ,পূণ্য,স্বৰ্গ,অন্ধবিশ্বাস) জড়িত বিভিন্ন দিশ সামৰি লোৱা হৈছে ।

    আখৰ জোঁটনিৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান দিশ হৈছে-

১) ঙ্গ,ঙ্ক আদি যুক্তাক্ষৰৰবোৰৰ লগতে সৰলীকৃত ৰূপ ংগ,ংক অদি দুয়োটা ৰূপে ৰকগা হৈছে ।যেনে-অঙ্গদ/অংগদ,অঙ্কুৰ/অংকুৰ আদি ।

২) ৰেফযুক্ত ব্যঞ্জনৰ দ্বিত বৰ্জন কৰা হৈছে ।যেনে-পৰ্বত,নিৰ্মাণ আদি ।

অভিধানখনত লিপ্যন্তৰৰ ক্ষেত্ৰত ‘অসমীয়া আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি’ নামৰ পুথিখনৰ নিৰ্দেশাৱলী অনুসৰণ কৰা হৈছে ।অভিধানখনত প্ৰশাসনীয় পৰিভাষা,বিজ্ঞানৰ পৰিভাষা,যতি চিহ্নৰ ব্যৱহাৰ,অসমীয়া সংখ্যাবাচক শব্দ আৰু পূৰণবাচক শব্দ আদি কৰি মুঠ ১২ খন পৰিশিষ্ট সন্নিবিষ্ট কৰা হৈছে ।

বিশিষ্ট অভিধান :

একবিংশ শতিকাত প্ৰকাশিত বিশিষ্ট অভিধানকেইখনমান হৈছে-প্ৰফুল্ল কটকীৰ’সমাৰ্থক শব্দকোষ’(২০০৪)আৰু ‘সাহিত্য সংজ্ঞাকোষ’(২০০৫), ভাৰত বৰাৰ ‘বৈষ্ণৱ শব্দকোষ’(২০০৭) আৰু ‘সংগীতৰ শব্দকোষ’(২০০৯),  ৰক্তাভজ্যোতি বৰাৰ ‘অসমীয়া উদ্ধৃতিৰ অভিধান’(২০০৩), জগন্নাথ শৰ্মাৰ ‘সমাৰ্থক শব্দ নিধান’(২০০৭),বিপিন চুতীয়াৰ ‘প্ৰাচীন অসমীয়া অভিধান’(২০০৭),অৰ্পণা কোঁৱৰ আৰু অনুৰাধা শৰ্মা সম্পাদিত ‘ভাষাবিজ্ঞান পাৰিভাষিক কোষ’(২০০৮),ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱাৰ ‘অসমীয়া সাংস্কৃতিক শব্দকোষ’(২০০৯),শান্তনু কৌশিক বৰুৱাৰ ‘সংজ্ঞা অভিধান’(২০১০),বিশ্বজিৎ দাসৰ ‘অভিধান অসমীয়া ভাষাৰ বিদেশী শব্দ’(২০১০),ইমৰাণ হুছেইনৰ ‘আধুনিক আৰু উত্তৰ আধুনিক পৰিভাষাকোষ’(২০১১) আদি উল্লেখযোগ্য ।

বৈদ্যুতিন অভিধান :

   যিবোৰ অভিধান কম্পিউটাৰত উপলব্ধ,ইণ্টাৰনেটৰ সহায়ত যাক সহজে চাব পাৰি তেনে অভিধানকে বৈদ্যুতিন অভিধান বোলা হয়। একবিংশ শতিকাতহে অসমীয়া ভাষাত বৈদ্যুতিন অভিধানৰ সূচনা হয়। অসমীয়া ভাষাৰ বৈদ্যুতিন অভিধানবোৰক তলত দিয়াৰ ধৰণে ভাগ কৰি ল’ব পাৰি, যেনে-

১) ই-বুক অভিধান

২) অনলাইন অভিধান

৩) ছফটৱেৰ অভিধান

-বুক অভিধান:

  অসমীয়া ভাষাত প্ৰকাশিত ই-বুক অভিধানখন হৈছে ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱাৰ সম্পাদনাত প্ৰকাশিত ‘পশ্চিম অসমীয়া শব্দকোষ’।২০০২ চনত মহীশূৰৰ ভাৰতীয় ভাষা সংস্থানে (CIL) অভিধানখন প্ৰকাশ কৰে ।অভিধানখনত পশ্চিম অসমত প্ৰচলিত ভাষাৰ শব্দবোৰ অন্তৰ্ভূক্ত কৰা হৈছে ।প্ৰবিষ্টিবোৰৰ অসমীয়া আৰু ইংৰাজীত অৰ্থ দিয়াৰ লগতে ব্যাকৰণৰ নিৰ্দেশ আৰু উদাহৰণ দিয়া হৈছে ।ব্যুৎপত্তি দিয়া হোৱা নাই ।Internet ত  www.anukriti.net ত লগ ইন কৰি অভিধানখন চাব পাৰি ।

অনলাইন অভিধান:

অসমীয়া ভাষাৰ প্ৰথমখন অনলাইন অভিধান হৈছে ‘শব্দ’ ।শব্দ সংঘৰ বেনাৰত এই অভিধানখনৰ ৱে’বছাইটটো মুকলি কৰা হয় ২০০৬ চনৰ ১৪ এপ্ৰিলত । অসমীয়া ভাষাক মূল ভেঁটি হিচাপে লৈ প্ৰস্তুত কৰা এই অভিধানখনত বিভিন্ন জাতি-জনগোষ্ঠীয়ে কোৱা ২৭ টা ভাষা,তেওঁলোকৰ নিজা নিজা লিপিত অন্তৰ্ভূক্ত কৰা হৈছে ।অভিধানখনত ফকৰা-যোজনা,খণ্ডবাক্য,পটন্তৰ,   ঐতিহাসিক স্থান ,চৰাই,জীৱ-জন্তু,ফল,চলচিত্ৰ,বিশিষ্ট লোকৰ পৰিচয়কে ধৰি বিশ্বকোষৰ দৰে শিতানো অন্তৰ্ভূক্ত কৰা হৈছে ।প্ৰবিষ্টিবোৰৰ ব্যাকৰণগত নিৰ্দেশনাও দিয়া হৈছে ।www.xobdo.org- অত লগ ইন কৰি search box-ত প্ৰবিষ্টিৰ অৰ্থ নিৰূপক ভাষাৰ নাম লিখিলেই অৰ্থটো দৃশ্যমান হয় ।

ছফটৱেৰ অভিধান:

২০১০ চনত অসমীয়া ভাষাৰ প্ৰথমখন ছফটৱেৰ অভিধান অনিল বৰুৱাৰ ‘অসমীয়া ছফটৱেৰ অভিধান’ প্ৰকাশ পায় ।অভিধানখনত প্ৰবিষ্টিবোৰৰ অৰ্থ অসমীয়াত দিয়াৰ লগতে ব্যাকৰণগত নিৰ্দেশ দিয়া হৈছে । অভিধানখনৰ সাধাৰণ বৈশিষ্ট্য কিছুমান হৈছে –

১) সাহিত্য-সংস্কৃতিৰ সমান ধাৰণা

২) ছবিসমূহ Download ৰ সুবিধা

৩) ফকৰা-যোজনা,ছবি,কম্পিউটাৰ বিশ্বকোষ

৪) ভাষাৰ সৰলীকৰণ পৰ্যায়ৰ ওপৰত নিৰ্ভৰশীল

৫) সততে ভুল হোৱা শব্দৰ ভুল-শুদ্ধ ৰূপৰ তালিকা

৬) On screen keyboard ত স্বৰ-ব্যঞ্জন বৰ্ণৰ যুক্তাক্ষৰ চিন সজাই থোৱা আছে ।

সহজ সন্ধান অসমীয়া অভিধান :

২০১২চনত দুৰ্লভ গগৈৰ ‘সহজ সন্ধান অসমীয়া অভিধান’ নামেৰে আন এখন ছফটৱেৰ অভিধান প্ৰকাশ পায়। অভিধানখনৰ মূল নীতি হৈছে অসমীয়া ভাষাক সংস্কৃত ভাষাৰ আধাৰত বিচাৰ নকৰি ইয়াৰ স্বকীয়তাৰে সৈতে বিচাৰ কৰা।

অভিধানখনৰ উল্লেখযোগ্য দিশ কিছুমান হৈছে-

১) শব্দৰ সংখ্যা ৬৫,২৮৫ টা

২) শব্দবিলাকৰ অসমীয়াৰ লগতে ইংৰাজী অৰ্থ দিয়া হৈছে

৩) ফকৰা যোজনা ৪৬৮ টা

৪) অসমীয়া সমাজ-সংস্কৃতি-প্ৰকৃতি ইতিহাসৰ ছবি ডাউনল’ড সুবিধাৰ সৈতে

৫) কিছুমান শব্দৰ বিপৰীত অৰ্থও দিয়া হৈছে

৬) অসমীয়া ভাষাত লিখা-মেলা কৰোঁতে ভুল হোৱা বানানৰ তালিকা শুদ্ধ ৰূপৰ সৈতে দিয়া হৈছে

৭) নামবাচক শব্দৰ তালিকা

৮) ব্যাকৰণৰ কিছুমান উল্লেখযোগ্য নিয়ম

৯) অসমীয়া আখৰবোৰ কেনেকৈ পঢ়িব লাগে বা পঢ়াব লাগে তাৰ নিৰ্দেশনা

১০) সততে বিভ্ৰান্তিৰ সৃষ্টি কৰা কিছুমান শব্দৰ উচ্চাৰণৰ নিৰ্দেশ আদি ।

     তদুপৰি থলুৱা অসমীয়া শব্দৰ লগতে অসমীয়া ভাষাৰ লগত সানমিহলিকৈ চলি থকা আন ভাৰতীয়, অভাৰতীয় ভাষাৰ শব্দকো অন্তৰ্ভূক্ত কৰা হৈছে ।বানানৰ ক্ষেত্ৰত যুক্তি,বিজ্ঞানসন্মত দৃষ্টিভংগী,ব্যাকৰণৰ নিয়ম,তুলনামূলক বিচাৰ, বিজ্ঞজনৰ পৰামৰ্শ এই আটাইবোৰ দিশত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে।

     এইদৰে উনবিংশ শতিকাতে আৰম্ভ হোৱা অসমীয়া ভাষাৰ অভিধান চৰ্চাই বিংশ আৰু একবিংশ শতিকাত বিস্তাৰ আৰু বিকাশ লাভ কৰি ন-ন ৰূপ গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>