Society for Language Technology Development, Assam

সংস্কৃতিৰ সংজ্ঞা

  • নাহেন্দ্ৰ পাদুন

“সংস্কৃতি” শব্দটোৰ ব্যৱহাৰ ভাৰতীয় ভাষাত অৰ্বাচীন। প্ৰাচীন ভাৰতীয় সংস্কৃত, পালি, প্ৰাকৃত নাইবা তামিল, তেলেগু আদি কোনো ভাষাতে ইয়াৰ ব্যৱহাৰ দেখা নাযায়। আধুনিক ভাৰতীয় প্ৰাদেশিক ভাষাবিলাকতো ইয়াৰ ব্যৱহাৰ হোৱা বেছি দিন হোৱা নাই। সঠিককৈ কবলৈ গ’লে বৰ্তমান শতিকাৰ পঞ্চম দশক মানৰ পৰাহে ‘সংস্কৃতি’ শব্দক ইংৰাজী কালচাৰ (Culture) শব্দৰ সমাৰ্থক ৰূপ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তেখেতৰ সমসাময়িক কেবাজনো লেখকে ‘কালচাৰ’ শব্দকে ব্যৱহাৰ কৰিছিল। আনকি সাম্প্ৰতিক কালৰ ভাষাবিদ আৰু মানৱ বিজ্ঞানী (Humanist) ড° সুনীতি কুমাৰ চট্টোপাধ্যায়েও ইংৰাজী ‘কালচাৰ’ শব্দৰ প্ৰতিশব্দ হিচাপে ‘কৃতি’কেই ব্যৱহাৰ কৰিছিল। ইয়াৰ পৰৱৰ্তী আলোচনাসমূহতহে তেখেতে সংস্কৃতি শব্দটো ব্যৱহাৰ কৰিছে। ‘সংস্কৃতি’ শব্দটো কালচাৰৰ সমাৰ্থক ৰূপে প্ৰথমে মাৰাঠী ভাষাত ব্যৱহাৰ কৰা হয়। তাৰ অনুকৰণতহে ড° চট্টোপাধ্যায়ে সংস্কৃতি শব্দ গ্ৰহণ কৰে। কোনো কোনো লেখকে ‘কৃষ্টি’ শব্দৰে কালচাৰৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু সূক্ষ্মভাৱে আলোচনা কৰিলে দেখা যায় যে ‘কৃষ্টি’ শব্দই প্ৰকৃততে ইংৰাজী কালচাৰৰ সম্পূৰ্ণ অৰ্থ বহন কৰিব নোৱাৰে। কৃষ্টি বুলিলে কোনো মানৱ জাতিয়ে কৰা কৰ্ম সমষ্টিকহে বুজায়, জাতিৰ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত চিন্তা-কল্পনা আদি শ্ৰেষ্ঠ কামখিনি সামৰি লবলৈ ‘কৃষ্টি’ শব্দৰ এলেকা অপাৰগ। গতিকে ‘ভাৰতীয় কৃষ্টি’, ‘কৃষ্টিৰ ধাৰা’ ইত্যাদিৰ ব্যৱহাৰ কৰা হৈছিল যদিও আধুনিক লেখকসকলে কালচাৰৰ    অধিক অৰ্থব্যঞ্জক শব্দ হিচাপে ‘সংস্কৃতি’কে গ্ৰহণ কৰিছে।

অৰ্থৰ বিভিন্ন সুঁতিৰ পৰা সমাহৃত কৰাৰ বাবে সংস্কৃতিৰ ব্যুৎপত্তিগত শুদ্ধ ব্যাখ্যা দিয়া টান। শব্দ ৰূপত ইয়াক সং+কৃ+ক্তিন্‌ =সংস্কৃতি কৰিব পাৰি আৰু ইংৰাজী শব্দটোৰ লগত সম্পৰ্ক ৰাখি ইয়াৰ অৰ্থ সংস্কাৰ বা সংশোধন বুলিব পাৰি।

আওপকীয়াকৈ ক’বলৈ গ’লে ‘সংস্কৃতি’ ইংৰাজী Culture শব্দৰ পৰা অনূদিত পৰিভাষাহে। ভাৰতীয় মূলজ নহয়। তথাপি সম্প্ৰতি প্ৰায়বোৰ ভাৰতীয় প্ৰাদেশিক ভাষাই (আৰ্য্য ভাষা পৰিয়ালৰ) এই শব্দটো বিনা দ্বিধাই গ্ৰহণ কৰিছে।

ইংৰাজী Culture শব্দৰ মূল লেটিন। লেটিনৰ Cultur ৰ পৰা Culture হৈছে। Culture ৰ অৰ্থ কৰ্ষণ কৰা, সংশোধন কৰা বা সংস্কাৰ কৰা।

এতিয়া প্ৰশ্ন হ’ল সংস্কৃতি কি ? কাক বোলে ? ইয়াৰ উত্তৰ সহজে দিয়া টান। আগতে উল্লেখ কৰাৰ দৰে যিহেতু ভাৰতীয় ভাষাসমূহত সংস্কৃতি শব্দৰ আবিৰ্ভাবেই অৰ্বাচীন, ইয়াৰ সৰ্বসন্মত সংজ্ঞাৰ আলোচনাও এতিয়ালৈকে হোৱা নাই। দুই এজন লেখকৰ আলোচনাত প্ৰসংগ উত্থাপন কৰিছে যদিও তেনে ধৰণৰ প্ৰাসংগিক আলোচনাই শুদ্ধ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে।পাশ্চাত্যৰ পণ্ডিতসকলে ইতিমধ্যে নৃতত্ত্ব, ভাষাতত্ত্ব, সমাজবিজ্ঞান আদি বিভিন্ন দিশৰ পৰা সংস্কৃতিৰ সংজ্ঞা নিৰূপণৰ প্ৰচেষ্টা চলাইছে। বেলেগ বেলেগ লেখকে এওঁলোকৰ অধ্যয়নৰ দিশ লৈ সংস্কৃতিৰ সংজ্ঞা বিভিন্ন ধৰণে দিছে। তাৰে কেইটামানৰ আলোচনা তলত দিয়া হ’ল।

বহু বছৰ আগতে ই-বি টেইলৰে দিয়া সংস্কৃতিৰ সংজ্ঞাকে এতিয়ালৈকে ধ্ৰুপদ বুলি ধৰি লোৱা হৈছে। তেওঁৰ অধ্যয়নৰ দিশ আছিল নৃতত্ত্ব। “আদিম সংস্কৃতি এনে এটা জটিল ৰূপ য’ত জ্ঞান-বিশ্বাস, নীতি নিয়ম, আচাৰ-ব্যৱহাৰ, অন্যান্য সামৰ্থ্য আৰু সমাজৰ লোক হিচাপে মানুহে আহৰণ কৰা অভ্যাস আদি সকলোকে সামৰি লয়।” লোকাচাৰ, লোকনীতি এইবোৰ বস্তুগত নহয়। মানুহে দলবদ্ধ হৈ জীৱন নিৰ্বাহ কৰাৰ লগে লগে সমাজ গঠন হ’ল আৰু সমাজৰ মাজত মানুহৰ পাৰস্পাৰিক আদান-প্ৰদান আৰু অভ্যাসৰ পৰাই এইবিলাক অবস্তুগত আচাৰ, নীতি, বিশ্বাস উদ্ভৱ হয়। অৱশ্যে সমাজৰ মাজত এনেকুৱা বস্তুগত উপাদানো নোহোৱা নহয়- যিবোৰ সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰয়োজনীয়তাৰ লগত তুলনা কৰিব পাৰি। আদিম অৱস্থাৰ জোঙা তীৰৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক কালৰ স্বয়ংক্ৰিয় যন্ত্ৰলৈকে আটাইবোৰ শিল্পকৰ্ম মানুহৰ সমাজৰেই দান। অৰ্থাৎ দলবদ্ধ মানুহৰ চিন্তাৰ ৰূপান্তৰ। মানুহে সংস্কৃতিৰ বিভিন্ন উপকৰণৰ কেৱল বস্তুগত দিশটোহে গ্ৰহণ কৰিছে এনে নহয়; সিবিলাকক প্ৰতীকৰ দ্বাৰায়ো প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। এতেকে সংস্কৃতিৰ উপাদান বা উপকৰণ আৰু তাৰ ওপৰত আৰোপিত প্ৰতীক-ধৰ্মী ব্যাখ্যাৰ অৰ্থপূৰ্ণ সম্বন্ধ আছে। সংস্কৃতিয়ে আচাৰ-বিচাৰ, পাৰ্থিৱ বস্তু আৰু তাৰ লগত অৰ্থপূৰ্ণ সম্বন্ধবোৰকেই উপাদন হিচাপে গ্ৰহণ কৰে।

মানুহে আদিম অৱস্থাৰ পৰাই প্ৰতীকক প্ৰকাশৰ মাধ্যম হিচাপে বিচাৰি পাইছে। মানৱৰ বিৱৰ্তনৰ লগে লগে প্ৰতীকৰো ক্ৰমবিৱৰ্তন হৈ আহিছে। সংস্কৃতিৰ এই প্ৰতীকধৰ্মিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আন এজন নৃতত্ত্ববিদ লেচলি এ-হোৱাইটে কৈছে- “সংস্কৃতি পৰিদৃশ্যমান বস্তুৰ সন্মিলন, কাৰ্য (চাল-চলন), ভাৱ (বিশ্বাস, জ্ঞান), আবেগ (মনোভাৱ, মূল্যবোধ) ইত্যাদি এই আটাইবোৰ প্ৰতীকৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। সংস্কৃতি আৰম্ভ হয় মানুহে কথা কবলৈ আৰু ইঙ্গিত ব্যৱহাৰ কৰিবলৈ লোৱা সময়ৰ পৰা।এই ইঙ্গিতধৰ্মী বা প্ৰতীকধৰ্মী স্বভাৱৰ কাৰণেই মানুহে সাংস্কৃতিক সহজে আৰু স্ব-ইচ্ছাৰে এজনৰ মানৱেন্দ্ৰিয়ৰ পৰা আন এজনলৈ প্ৰেৰণ কৰিব পাৰে।” এতেকে মানুহৰ ইতিহাস অধ্যয়ন কৰাৰ লগে লগে সংস্কৃতিৰো অধ্যয়ন কৰা হয়। সংস্কৃতিৰ অধ্যয়নো মানৱ ইতিহাসৰেই অধ্যয়ন। এই প্ৰসংগৰ আলোচনাত “সংস্কৃতিৰ ইতিহাস মানে মানুহ হিচাপে মানুহৰ ইতিহাস” বুলি মেৰিলে কোৱা কথাষাৰ অধিক প্ৰণিধানযোগ্য। যুগ যুগ ধৰি সংস্কৃতিয়ে ইটোৰ পাছত সিটোলৈ বাগৰ সলাই আহিছে। সময়ৰ হেঁচাত তাৰে কিছুমান উপাদান হেৰাই গৈছে, কিছুমান পৰিৱৰ্তন হৈছে আৰু কিছুমান ন ন উপাদান এতিয়াও সংযোগ হৈয়েই আছে। কিন্তু সংস্কৃতি নিজেই চিৰ প্ৰবাহমান।সেইবাবে হোৱাইটে মোখানি মাৰি কৈছে- “সংস্কৃতি প্ৰতীকধৰ্মী, অবিৰত, ক্ৰম-সঞ্চিত আৰু বিশিষ্ট ধাৰাত গতিশীল।”

কৃষ্টিৰ কৰ্ম-সমষ্টিতকৈ তাৰ শ্ৰেষ্ঠ অংশখিনিৰ ওপৰত সংস্কৃতিয়ে প্ৰাধান্য লাভ কৰে সেই কথা আগতে উনুকিয়াই অহা হৈছে। সংস্কৃতিৰ সংজ্ঞা নিৰূপণ ‘কোনে’ এই শ্ৰেষ্ঠ গুণখিনিৰ (learned quality) ওপৰত গুৰুত্ব আৰোপ কৰি কৈছে যে সংস্কৃতিক আমি “জ্ঞানৰ জৰিয়তে পুৰুষানুক্ৰমে লাভ কৰা জীৱন ধাৰণৰ প্ৰণালীৰ সমষ্টি বুলি ক’ব পাৰোঁ।” সংস্কৃতিৰ উপাদানৰ বিষয়ে আলোচনা কৰি তেওঁ কৈছে- “সংস্কৃতিয়ে যুগ্ম আৰু দলবদ্ধ মানুহৰ মাজত সম্বন্ধ ঘটায়। প্ৰাকৃতিক বস্তুক লৈ মানুহে কৰা কাৰ্যকলাপ, সংগীত, চিত্ৰকলা আৰু মানুহৰ প্ৰতিকৃতিকে আদি কৰি প্ৰতীকৰ ৰাজ্যত ব্যয় কৰা শক্তিকো উপাদান হিচাপে অন্তৰ্ভূক্ত কৰে।” এইখিনিতে এটা কথা কোৱা উচিত হ’ব যে যদিও সংস্কৃতিক পুৰুষানুক্ৰমে ইজনৰ পিছত সিজন মানুহে অৰ্পণ কৰি যায় তাৰ বংশগত অৰ্থাৎ তেজৰ লগত সম্পৰ্কজাত পৰম্পৰাগত উপাদানক সংস্কৃতিৰ উপকৰণ বুলি ধৰিব নোৱাৰি। তাতোকৈ সেই মানৱদলে কৰা শ্ৰেষ্ঠ কৰ্মখিনিকহে সংস্কৃতিৰ উপকৰণ হিচাপে গ্ৰহণ কৰে। মানুহে প্ৰতীকৰ যোগেদি জ্ঞান আহৰণ কৰিবলৈ ভাল পায় আৰু সেই জ্ঞানৰ ফল পুৰুষানুক্ৰমে তেওঁলোকৰ বংশধৰসকললৈ অৰ্পণ কৰি যায়। পুৰুষে- পুৰুষে মানৱ সমাজে এইদৰে সঞ্চয় কৰা বস্তুবোৰেই হ’ল সংস্কৃতি।

সংস্কৃতি সমাজৰে দান যদিও ইয়াক আহৰণ কৰা সহজ নহয়। ইয়াক আহৰণ কৰিবলৈ বৌদ্ধিক প্ৰক্ৰিয়া (Intellectual process) অৱলম্বন কৰিবলগীয়া হয়। সংস্কৃতিৰ এই বৌদ্ধিক গুণৰ (Intellectual quality) বিষয়ে বীডনীয়ে কোৱা কথাষাৰ এইখিনিতে উল্লেখ কৰিব পাৰি। তেওঁ কৈছে-“সংস্কৃতি সমাজৰ পৰা আহৃত বা কৰ্ষিত আচৰণ (behaviour)। সংস্কৃতি সমাজৰ ব্যক্তিৰ চিন্তা। কিয়নো সমাজৰ ব্যক্তিয়ে বৌদ্ধিক, শৈল্পিক, সামাজিক আদৰ্শ আৰু অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে আৰু সিবিলাকৰ লগত একাঙ্গীভূত হ’বলৈ যত্ন কৰে।” সেই কাৰণে সংস্কৃতি সমাজৰ ফল বুলি কোৱা হৈছে। মানুহৰ পাৰস্পাৰিক আদান-প্ৰদান বা কাৰ্য্যকলাপৰ পৰা সংস্কৃতি আহৰণ কৰা হয়। প্ৰথমে ইয়াক আহৰণ কৰাটো বুদ্ধিজনিত কাম। িয়াৰ বাস্তৱিক দিশ অৰ্থপূৰ্ণ হয় কেৱল মনোজগততহে। ভাষাৰ দৰে অৰ্থপূৰ্ণ মাধ্যম বা তেনে ধৰণৰ প্ৰতীকী কাৰ্য্যৰ জৰিয়তে মানুহে প্ৰথমে সংস্কৃতি শিকিলে। তাৰ পাছতসেইবোৰ প্ৰেৰণ কৰিলে পৰবৰ্তীসকললৈ। বীডনীৰ মতে “মানুহ স্বভাৱিকতে সংস্কৃতিপ্ৰিয় জীৱ, যিহেতু মানুহে নিজেই নিজৰ বিষয়ে কৰ্ষণ, প্ৰতিফলন আৰু আত্মচাহিদা পূৰণ কৰিব পাৰে। সংস্কৃত জীৱন যাপন কৰাৰ লগে লগে মানুহে এই স্বাভাৱিক কৰিণতি লাভ কৰে।”১০

পাৰচনে আকৌ কাৰ্যৰ প্ৰণালীক (System of action) সংস্কৃতিৰ মৌলিক উপাদান বুলি অভিমত পোষণ কৰে। এপৰত উল্লেখ কৰি অহাৰ দৰে পাৰচনেও সংস্কৃতি সমাজৰ পাৰস্পাৰিক কাৰ্য্য-কলাপৰ (Social interaction )পৰা উদ্ভূত হোৱা বুলি কৈছে “সংস্কৃতি পৰবৰ্তী মানুহৰ আচৰণৰ পথ প্ৰদৰ্শক।” এইখিনিতে এটা মন কৰিবলগীয়া কথা যে সংস্কৃতি এফালে যেনেকৈ সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আনফালে ব্যক্তিৰ ব্যক্তিত্বৰ লগতো সেইদৰে নিবিড়ভাৱে জড়িত। কিয়নো ব্যক্তি সমাজৰে অংশ বিশেষ। গতিকে, সংস্কৃতি আৰু সংস্কৃতি সমাজৰ কাৰ্য্য বা আদান-প্ৰদানৰ পৰা উদ্ভৱ হোৱা হেতুকে ব্যক্তিৰ ব্যক্তিত্বৰ বাবেও আৱশ্যকীয় উপাদান। ব্যক্তিৰ ব্যক্তিত্ব গঢ় লয় সেই সমাজৰ সাংস্কৃতিক সাঁচত আৰু ব্যক্তিয়ে তেওঁৰ সমাজৰ সংস্কৃতিক একত্ৰিত কৰাত অৰিহণা যোগায়।”১১

সমাজ, সংস্কৃতি আৰু ব্যক্তিত্বৰ নিবিড় সম্বন্ধৰ বিষয়ে লিণ্টনে কোৱা কথাষাৰ অধিক মনঃফুত। তেওঁ কৈছে “ব্যক্তিৰ সংঘবদ্ধ সমষ্টিয়েই সমাজ। বিশেষ এখন সমাজৰ বৈশিষ্ট্য বহন কৰিব পৰা শিক্ষিত লোকৰ দলবদ্ধ সমষ্টিকেই সংস্কৃতি বুলিব পাৰি। ব্যক্তি, স্বাধীন চিন্তা, অনুভূতি আৰু কাৰ্য্য বহন কৰিব পৰা এক জীৱন্ত যন্ত্ৰ। কিন্তু ব্যক্তিৰ সেই স্বাধীনতা সীমীত। কিয়নো তেওঁৰ সকলো সম্পদ সৰুৰে পৰা ডাঙৰ দীঘল হোৱা সমাজ আৰু সংস্কৃতিৰ সংস্পৰ্শত পৰিশোধন কৰা।”১২ ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিপ প্ৰভৱ অস্বীকাৰ কৰিব নোৱাৰি। ব্যক্তি বিশেষে চিন্তাৰ স্বাধীনতা পালেও তাক পূৰ্ণ স্বাধীনতা বুলি ক’ব নোৱাৰি। অলক্ষিতে তেওঁৰ চিন্তা চৰ্চাতো সমাজৰ চাপ থাকি যায়। এই আলোচনাত সমাজ, সংস্কৃতি আৰু ব্যক্তিত্বৰ পাৰস্পৰিক আৰু ত্ৰৈকোণিক সম্বন্ধ আনি উল্লেখ কৰিছোঁ। এই কাৰণেই যে ইয়াৰ এটাক বাদ দি আনটোক সম্পূৰ্ণকৈ পৃথক কৰি দেখুৱাব নোৱাৰি।

সংস্কৃতিৰ বিষয়ে আটাইতকৈ বিতং আলোচনা কৰে এ, এল, ক্ৰবাৰে। ১৯১৭ চনত তেওঁ সংস্কৃতি বিষয়ক এটা প্ৰবন্ধ প্ৰকাশ কৰে। সেইখন তেওঁৰ বিখ্যাত ৰচনা বুলি খ্যাতি আছে। এই প্ৰবন্ধৰ আলোচনাত ক্ৰবাৰে সংস্কৃতিক ‘অতিন্দ্ৰীয়’(superorganic) লক্ষণযুক্ত বুলি অভিহিত কৰিছে। তেওঁৰ বক্তব্য এয়ে আছিল যে সংস্কৃতি কোনো ইন্দ্ৰিয়-সম্পন্ন ব্যক্তিৰ ওপৰত বৰ্তি থাকে। অৰ্থাৎ সংস্কৃতিক ব্যক্তিয়েই ব্যক্তিয়েই বহন কৰি নিয়ে। কিন্তু স্ংস্কৃতিৰ স্বৰূপ আৰু স্থতি কোনো বিশেষ ব্যক্তিৰ পৰা স্বতন্ত্ৰ হৈ থাকে। উদাহৰণ স্বৰূপে ভাষাৰ কথাকেই ক’ব পাৰি। ভাষা এটা প্ৰণালীবদ্ধ আৰু অৰ্থপূৰ্ণ প্ৰতীক। (ভাষা সংস্কৃতিৰ উপাদানো)। এই ভাষাটোৱেই সংস্কৃতিৰ অতীন্দ্ৰিয় গুণৰ বিষয়ে বিশ্লেষণ দাঙি ধৰে। কোনো সমাজৰ ভাষাই বিশেষ এক ব্যক্তিৰ জীৱনৰ ওপৰত নিৰ্ভৰ নকৰে। ই সামূহিক জীৱনৰ বস্তু। ব্যক্তিবিশেষৰ অৱসানত ইন্দ্ৰিয় চেতনা বিলুপ্ত হোৱাৰ দৰে ভাষা বিলুপ্ত নহয়। অথচ সকলো মানুহে যদি স্ব ইচ্ছাই লিখিত পুথিবিলাকৰ সৈতে ভাষাটো বিলুপ্ত বা নাইকীয়া কৰি দিয়ে-সম্ভৱতঃ ভাষাটোৰ বিলুপ্তি ঘটিব। ভাষাই সাধাৰণতে অতীন্দ্ৰিয় বস্তুৰ দৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ আৰু কোনো জনসমষ্টিৰ পৰা অন্য এক জনসমষ্টিলৈ বাগৰি বাগৰি আহি থাকে। সেই কাৰণে ক্ৰবাৰে ইয়াক ‘অতীন্দ্ৰিয় বস্তু’ বুলি অভিহিত কৰিছে।১৩

সংস্কৃতিৰ বিষয়ে ক্ৰবাৰে আৰু ক্লকনেই আটাইতকৈ দীঘলীয়া পৰীক্ষা চলাইছিল। প্ৰথমে তেওঁলোকে “সংস্কৃতি” শব্দৰ (বুৎপত্তিগত) বুৰঞ্জী আৰু ভাষাতত্ত্বিক দিশত ইয়াৰ বিভিন্ন অৰ্থৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেওঁলোকে কেইবাটাও শিতানত ভাগ কৰি সংস্কৃতিৰ সংজ্ঞা জৰিপ কৰিলে। এই শিতানবোৰ হ’ল-

১।      বৰ্ণনাত্মক – (Descriptive)

২।      ঐতিহাসিক (Historical)

৩।      সাধাৰণ (Normative)

৪।      মনস্তাত্বিক (Psychological)

৫।      গঠনমূলক (Structural)

৬।      কৌলিক বা উৎপত্তি বিষয়ক (Genetic)

এইদৰে বেলেগ বেলেগ দিশত অধ্যয়ন কৰাৰ পাছত তেওঁলোকে সংস্কৃতিৰ লক্ষণ, তাৰ সংমিশ্ৰিত উপাদান আৰু ধৰ্ম (গুণ) বিষয়ক বিভিন্ন মন্তব্য সংগ্ৰহ কৰিলে। তাৰ লগত সংস্কৃতি আৰু মনোবিজ্ঞান, ভাষা আৰু সংস্কৃতি, আৰু সংস্কৃতিৰ লগত সমজৰ সম্বন্ধও তন্ন তন্নকৈ আলোচনা কৰিলে। এই সংগ্ৰহত কেৱল সংস্কৃতিৰ সংজ্ঞাই হ’ল ১৬৪ টা।ইয়াত সংস্কৃতি সম্পৰ্কীয় ১০০ টা বিভিন্ন সংযোগ নকৰি সেইবোৰ বেলেগকৈ ৰখা হ’ল। এই আলোচনাৰ পৰা সংস্কৃতিৰ বিষয়ে সাহিত্যৰ বিস্তৃতি বা প্ৰসাৰতা বুজিব পাৰি। পাৰ্থিব আৰু অমূৰ্ত বিষয় অধ্যয়নৰ তুলনাত মানৱৰ বিষয়ে     মানুহৰ অধ্যয়ন আপেক্ষিকভাৱে নগণ্য। এই জৰীপ কাৰ্য্যই মানৱ বিজ্ঞানীসকলক বিস্তৰ অধ্যয়ন অধ্যয়নৰ দুৱাৰ মুকলি কৰি দিছে।১৪

এই আলোচনাত ক্ৰবাৰ আৰু ক্লকনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে যদিও তেওঁলোকৰ নিজৰ সংজ্ঞা সংযোগ কৰি তাৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি কৰা নাই। বৰং তাকে নকৰি নিজ অভিজ্ঞতাৰে সুকীয়াকৈ এটা সংজ্ঞা আগবঢ়ালে। তেওঁলোকে ক’লে যে মানুহে আহৰণ কৰা বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োবিধ আচৰণক লৈ সংস্কৃতি গঠিত। শিল্প ৰূপায়ণকে আদি কৰি মানৱ দলৰ বিশিষ্ট কাৰ্য্যাৱলীক প্ৰতীকৰ দ্বাৰা ইজনৰ পৰা সিজনলৈ সংস্কৃতিয়ে প্ৰেৰণ কৰে। সংস্কৃতিৰ আটাইতকৈ অন্তৰ্নিহিত কথা হৈছে চিন্তাৰ পৰম্পৰা, বিশেষকৈ তাৰ ওপৰত প্ৰতিষ্ঠিত মূল্যবোধ। সংস্কতিৰ এফালে কাৰ্য্যৰ ফল, আনফালে ভৱিষ্যৎ কৰ্মপন্থাৰ সম্ভৱপৰ উপাদান।১৫

সামৰণিত, ওপৰৰ সংজ্ঞাবোৰৰ সিদ্ধান্ত হিচাপে মেৰিলে যুগুত কৰা সংজ্ঞা উদ্ধৃত কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। সেইবোৰ হ’ল-

[ক]     লক্ষণৰ ফালৰ পৰা সংস্কৃতি মানৱ সমাজৰ মিথক্ৰিয়াৰ ফলত সৃষ্ট।

[খ]     সংস্কৃতিয়ে জৈৱিক আৰু সামাজিক অভাৱ পূৰণৰ বাবে সামাজিকভাৱে গ্ৰহণীয় আদৰ্শ দিয়ে।

[গ]     নিৰ্দিষ্ট কোনো এখন সমাজত পুৰুষানুক্ৰমে সংস্কৃতিক অৰ্পণ কৰি যোৱাৰ বাবে সংস্কৃতি ক্ৰম-সঞ্চিত।

[ঘ]     প্ৰতীক গুণৰ হেতুকে সংস্কৃতি মানৱ জাতিৰ বাবে অৰ্থপূৰ্ণ।

[ঙ]     কোনো এখন সমাজত [মানুহ] ডাঙৰ দীঘল হৈ অহাৰ লগে লগে প্ৰতিজন মানুহেই সংস্কৃতিৰ শিক্ষা আহৰণ কৰে।

[চ]      গতিকে সংস্কৃতি ব্যক্তিত্বৰ মূল ভেটি।

[ছ]     সমজৰ অবিৰাম সোঁতত ইয়াৰ স্থায়ীত্ব নিৰ্ভৰ কৰে, কিন্তু বিশেষ ব্যক্তি বা জনসমষ্টিৰ পৰা ই স্বতন্ত্ৰ নহয়।


পাদটীকাঃ

১       সুনীতি কুমাৰ চট্টোপাধ্যায়- “Kirata Jana-Kriti.” কলিকতা ১৯৫১।

২       সুনীতি কুমাৰ চট্টোপাধ্যায়-“ভাৰতীয় সংস্কৃতি” কলিকতা ১৯৬১।

৩       E.B. Tylor, Primitive Culture, (London, John Murry) 1871, p. 1

৪       Leslie A. White, “Culturological Vs. Psychological Interpretation of Human Behaviour.” American Sociological Review 12. 686-698 (Dec.1947) p.693

৫       Francies E. Merril, “Society and Culture: An Introduction to Sociology”, (Englewood Cliffs, New Jersey) 1961. P 114.

৬       ৪ নং দ্ৰষ্টব্য।

৭       Carleton S. Coon, “The History of Man,” (Newyork) Alfred A. Knof INC, ১৯৫৮ পৃঃ ৫।

৮       ৭ নং দ্ৰষ্টব্য পৃঃ ৫

৯       Bidney, “Theoretical Anthropology,” (Newyork; Columbia University Press) ১৯৫৩, পৃঃ ৩০।

১০      Bidney, “Theoretical Anthropology,” পৃঃ ১২৬

১১      Parson and Shills, (ed) “Towards the General Theory of Action.”

১২      Ralph Linton, “The Tree of Culture” (Newyork Alfred Knop INC) ১৯৫৫ পৃঃ ২৯

১৩      A.L Krober, “The Nature of Culture” (Chicago, University of Chicago Press) 1952,

১৪      A.L. Krober and Celyde Kluckhohn “Culture: A Critical Review of Concept and Definition” papers of the Peabody Museum of American Anthropology and Ethnology, 47:223 (1952) দ্বিতীয় আৰু তৃতীয় খণ্ড।

১৫      ঐ পৃঃ ১৮১

১৬      Francies E. Merrill, “Society and Culture: An Introduction to Sociology,” (Englewood Clif, New Jersy) ১৯৬১, পৃঃ ১১৬

মূল ৰচনাৰ উপৰিও এই আলোচনাত বেছিকৈ মেৰিলৰ পুথিখনৰ সাহায্য লোৱা হৈছে।

(এই প্ৰবন্ধটো ‘নীলাচলত’; ষষ্ঠ বছৰঃ দ্বিতীয় সংখ্যা চেপ্তেম্বৰ ১৯৬৮ চনত প্ৰকাশিত আৰু ‘অসমীয়া সংস্কৃতিলৈ জনজাতীয় বৰঙণি’ পুথিত সংকলিত)

Comments are closed.