Society for Language Technology Development, Assam

সংস্কৃতিৰ সংজ্ঞা

  • নাহেন্দ্ৰ পাদুন

“সংস্কৃতি” শব্দটোৰ ব্যৱহাৰ ভাৰতীয় ভাষাত অৰ্বাচীন। প্ৰাচীন ভাৰতীয় সংস্কৃত, পালি, প্ৰাকৃত নাইবা তামিল, তেলেগু আদি কোনো ভাষাতে ইয়াৰ ব্যৱহাৰ দেখা নাযায়। আধুনিক ভাৰতীয় প্ৰাদেশিক ভাষাবিলাকতো ইয়াৰ ব্যৱহাৰ হোৱা বেছি দিন হোৱা নাই। সঠিককৈ কবলৈ গ’লে বৰ্তমান শতিকাৰ পঞ্চম দশক মানৰ পৰাহে ‘সংস্কৃতি’ শব্দক ইংৰাজী কালচাৰ (Culture) শব্দৰ সমাৰ্থক ৰূপ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। Read More

Posted in নাহেন্দ্ৰ পাদুন | Comments Off

অসমীয়া ভাষাৰ অভিধান চৰ্চাৰ ইতিহাস

  • স্মৃতি ডেকা খাউণ্ড

অভিধান হৈছে এনে এখন গ্ৰন্থ,য’ত কোনো এটা ভাষাৰ শব্দসাৰসমূহ বৰ্ণানুক্ৰমিক ভাৱে সজাই তাৰ বানান,উচ্চাৰণ,পদ-পৰিচিতি,ব্যুৎপত্তি ৰূপসাধন আৰু অৰ্থৰ যথাযথ বৰ্ণনা সংক্ষেপে দাঙি ধৰা হয় ।সাধাৰণ অৰ্থত অভিধান হৈছে কোনো এটা ভাষাৰ শব্দসমূহৰ অৰ্থ থকা পুথি।এক কথাত অভিধান হ’ল শব্দৰ ভঁৰাল। Read More

Posted in অসমীয়া, ভাষা | Leave a comment

অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস

  • স্মৃতি ডেকা খাউণ্ড

ব্যাকৰণ হৈছে ভাষাৰ চিন্তা আৰু চৰ্চাৰ এক প্ৰাথমিক আৰু সবল পদক্ষেপ । এনে চৰ্চাৰ আৰম্ভ হৈছিল প্ৰাচীন ভাৰতবৰ্ষত বৈদিক সাহিত্যৰ লগতে বিভিন্ন ব্ৰাক্ষ্মণ গ্ৰন্থৰ মাজেদি । অৱশ্যে এনে চিন্তাই সুনিৰ্দিষ্ট ৰূপ লাভ  কৰে পাণিনিৰ দ্বাৰা ৰচিত ‘অষ্টাধ্যায়ী’ নামে খ্যাত “শব্দানুশাসনম” নামৰ গ্ৰন্থৰ   মাজেৰে । Read More

Posted in অসমীয়া, ভাষা | Leave a comment

অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক ৰূপ আৰু ইয়াৰ স্বতন্ত্ৰতাঃ এক ঐতিহাসিক বিশ্লেষণ

  • ড° ভাস্কৰজ্যোতি শৰ্মা

আধুনিক ভাষাবিজ্ঞানৰ দৃষ্টিত ধ্বনিতত্ত্বই হৈছে ভাষাৰ প্ৰাথমিক উপাদান। কিন্তু ভাষা একোটাৰ বিৱৰ্তনৰ ধাৰা বিশ্লেষণ কৰিবলৈ যাওঁতে ধ্বনিতাত্ত্বিক পৰিৱৰ্তনৰ দিশটো বিশ্লেষণ কৰাটো যথেষ্ট কঠিন। ইয়াৰ প্ৰধান কাৰণ হ’ল- বিভিন্ন সময়ৰ ধ্বনিতাত্ত্বিক সমলৰ অভাৱ। Read More

Posted in অসমীয়া, ভাষা | Leave a comment

ইউনিক’ডত অসমীয়া লিখা : এটি চমু আলোচনা

  • গুণদীপ চেতিয়া

ইউনিক’ড (Unicode) কি ?

          ইউনিক’ডৰ বিষয়ে কোৱাৰ আগতে অলপ কম্পিউটাৰৰ বিষয়ে কৈ লওঁ ৷সহজ ভাষাত ক’বলৈ গ’লে কম্পিউটাৰে কেৱল সংখ্যাৰ লগতহে খেলা কৰে ৷গতিকে আখৰ বা চিহ্ন এটা কম্পিউটাৰক বুজাবলৈ হ’লে প্ৰথমে সেই আখৰ বা চিহ্নটোৰ বাবে এটা সংখ্যা নিৰ্ণয় কৰিব লাগিব ৷ Read More

Posted in অসমীয়া, প্ৰযুক্তি | 2 Comments

Political map of Assam: a Historical Sketch

  • Namita Devi

Pre Historic Assam

Ancient Assam, which is primarily known as Kamarupa or Pragjyotisha covers a large area. The boundary of Ancient Kamarupa comprises today’s Assam with is surrounding hilly area, north Bengal, northern and eastern area of Bangladesh and Tibet. There were a numerous references regarding the boundary of ancient Assam in Ramayana and Mahabharata, Puranas, and in Kautilya’s Arthasastra. Read More

Posted in English, History | Leave a comment