ৰ'দালি 2.0 ডাউনল'ড কৰক

ৰ'দালি 2.0 Windows XP SP2, Vista, 7 আৰু 8/8.1 ত চলাব পাৰিব। অৱশ্যে তাৰবাবে আপোনাৰ কম্পিউটাৰত Microsoft .net framework 2.0 SP2 বা তাৰ ওপৰৰ সংস্কৰণ থাকিব লাগিব(যিটো আজিকালি প্ৰায়ভাগ কম্পিউটাৰত থাকেই)।যদি আপোনাৰ কম্পিউটাৰত .net framework নাই, তেন্তে ৰ'দালি ইনষ্টল কৰিব লওঁতে আপুনি এই বিষয়ে এটা নিৰ্দেশনা পাব। এইক্ষেত্ৰত আপুনি এই সংযোগৰপৰা .net framework ডাউনল'ড কৰি ইনষ্টল কৰি ল'ব পাৰিব।

যদি .net framework ইনষ্টল হৈ থকাৰ পিছতো ৰ'দালি 2.0 নচলে, তেন্তে কি কৰিব লাগিব সবিশেষ জানিবৰ বাবে ইয়াত চাওক

ৰ'দালি 2.0 ডাউনল'ড কৰাৰ আগতে জানিবলগীয়া কথা

ৰ'দালি 2.0 ডাউনল'ড কৰাৰ আগতে আপুনি আপোনাৰ কম্পিউটাৰটো 32 বিটৰ হয়নে 64 বিটৰ হয় চাই লওক।(সবিশেষ ইয়াত চাওক) ৰ'দালি 2.0 ৰ দুটা সংস্কৰণ পোৱা যায়। এটা 32 বিট কম্পিউটাৰৰ বাবে আৰু আনটো 64 বিট কম্পিউটাৰৰ বাবে।আপোনাৰ কম্পিউটাৰৰ বাবে উপযুক্ত সংস্কৰণটো আপুনি কাষৰ সংযোগৰপৰা ডাউনল'ড কৰি ল'ব পাৰিব।
মন কৰিব: windows XP কম্পিউটাৰত ভালকৈ অসমীয়া দেখা পাবলৈ বা লিখিবলৈ হ'লে আপোনাৰ কম্পিউটাৰটো অলপ ঠিকঠাক কৰিবলগীয়া হ'ব পাৰে। তাৰবাবে এই নিৰ্দেশনা চাওক।

ৰ'দালি 2.0 কেনেকৈ ইনষ্টল কৰিব

ৰ'দালি 2.0 ইনষ্টল কৰাটো তেনেই সহজ।ডাউনল'ড কৰা চেটআপ ফাইলটোত ডাবল ক্লিক কৰক।বাকীখিনি তাত অহা নিৰ্দেশনামতে কৰি গৈ থাকক।ইনষ্টলেশ্যন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আপুনি আপোনাৰ কম্পিউটাৰৰ ডেস্কটপত ৰ'দালি 2.0 ৰ চৰ্টকাট দেখা পাব।সেইটো ডাবল ক্লিক কৰি ৰ'দালি চলাব পাৰিব

মন কৰিব:

কিছুমান কম্পিউটাৰত .net framework ইনষ্টল হৈ থকাৰ পিছতো ৰ'দালি 2.0 নচলিব পাৰে। এনেক্ষেত্ৰত কি কৰিব লাগিব সবিশেষ জানিবৰ বাবে ইয়াত চাওক

ৰ'দালি 2.0 কেনেকৈ ব্যৱহাৰ কৰিব

ৰ'দালিৰ জৰিয়তে তিনিটা পদ্ধতিৰে অসমীয়া লিখিব পাৰি।সাধাৰণতে ব্যৱহৃত পদ্ধতিটো হ'ল-ফোনেটিক। ফোনেটিক পদ্ধতিৰে অসমীয়া শব্দ এটা যেনেকুৱাকৈ উচ্চাৰিত হয়, প্ৰায় তেনেকুৱাকৈ ইংৰাজী কীবৰ্ডেৰে লিখিবলৈ চেষ্টা কৰিলে অসমীয়ালৈ ৰূপান্তৰিত হ'ব।ইয়াৰ বাহিৰেও ৰ'দালিত ইনস্ক্ৰিপ্ট পদ্ধতিত অসমীয়া লিখাৰ সুবিধাও আছে।তাৰবাবে আপুনি Tools and Settings ত গৈ Keyboard Settings সলনি কৰিব লাগিব। ৰ'দালিৰ জৰিয়তে আনকি আপুনি আপোনাৰ ইচ্ছা অনুযায়ী কীবৰ্ডখন সম্পাদনা কৰি ল'বও পাৰে। তাৰবাবে ৰ'দালিৰ লগত দিয়া সহায়-পুথিখন চাব পাৰে।