ৰ'দালি ডাউনল'ড কৰক

ৰ'দালি ডাউনল'ড কৰাৰ আগতে অনুগ্ৰহ কৰি তলৰ নিৰ্দেশনাবিলাক পঢ়ি লয় যেন।

Windows XP ৰ বাবে

ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰক। পৰ্টেবল সংস্কৰণটো চলিবৰ বাবে আপোনাৰ কম্পিউটাৰত .net framework 2.0 বা তাৰ শেহতীয়া সংস্কৰণ থকাতো প্ৰয়োজনীয়।কিন্তু Windows XP ত .net framework ৰ প্ৰয়োজনীয় সংস্কৰণটো নাথাকিব পাৰে।. সেয়েহে ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো যদি আপোনাৰ কম্পিউটাৰত চলাব পৰা নাই, তেন্তে বুজিব লাগিব যে আপোনাৰ কম্পিউটাৰত .net framework ৰ আৱশ্যকীয় সংস্কৰণটো নাই। গতিকে .net framework 2.0 সংস্কৰণটো আপুনি এই সংযোগৰপৰা ডাউনল'ড কৰক আৰু আপোনাৰ কম্পিউটাৰত install কৰি লওক। ইয়াৰ পিছত আপুনি আপোনাৰ কম্পিউটাৰত ৰ'দালি ছফ্‌টৱেৰটো চলাব পাৰিব।ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰাৰ পিচত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক জানিবলৈ এই নিৰ্দেশাৱলী চাওক
মন কৰিব: Windows XP থকা কম্পিউটাৰত অসমীয়া আখৰ ভালকৈ দেখা পাবলৈ আৰু লিখিবলৈ হ'লে আপুনি আপোনাৰ কম্পিউটাৰটো কিছু সজাই-পৰাই ল'ব লাগে। সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

Windows Vista ৰ বাবে

ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰক. । পৰ্টেবল সংস্কৰণটো চলিবৰ বাবে আপোনাৰ কম্পিউটাৰত .net framework 2.0 বা তাৰ শেহতীয়া সংস্কৰণ থকাতো প্ৰয়োজনীয়। Windows Vista অপাৰেটিং চিষ্টেমটোৰ লগত .net framework ৰ প্ৰয়োজনীয় সংস্কৰণটো সংলগ্ন হৈ থাকে. গতিকে windows Vista ত ৰ'দালি ছফ্‌টৱেৰটোৰ পৰ্টেবল সংস্কৰণটো চলাবৰ বাবে কোনো অতিৰিক্ত ছফ্‌টৱেৰ install কৰাৰ প্ৰয়োজন নাই। . ৰ'দালিৰ পৰ্টেবল সংস্কৰণটো ডাউনল'ড কৰাৰ পিচত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক জানিবলৈ এই নিৰ্দেশাৱলী চাওক।

Windows 7 ৰ বাবে

Windows 7 অপাৰেটিং চিষ্টেমত অনায়াসে অসমীয়া আখৰ চাব আৰু লিখিব পাৰি। আপোনাৰ কম্পিউটাৰত যদি Windows 7 আছে, তেন্তে ৰ'দালিৰ যিকোনো সংস্কৰণ ডাউনল'ড কৰি ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে কোনো অতিৰিক্ত ছফ্‌টৱেৰ install কৰাৰ প্ৰয়োজন নাই; কাৰণ Windows 7 ত .net framework 3.5 সংস্কৰণটো থাকেই।ৰ'দালি ডাউনল'ড কৰাৰ পিচত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক জানিবলৈ এই নিৰ্দেশাৱলী চাওক