প্ৰযুক্তি আৰু আহিলা

ভাষা প্ৰযুক্তিৰ অন্যতম দিশ হৈছে কম্পিউটাৰৰ লগত যোগাযোগ কৰিবলৈ বিভিন্ন প্ৰযুক্তিগত আহিলা তৈয়াৰ কৰা আৰু সেইবোৰৰ বিকাশ সাধন কৰা। ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসমে আৰম্ভণিতে এটি ইউনিক'ডৰ ভিত্তিত নিৰ্মাণ কৰা চফ্টৱেৰেৰে ইয়াৰ যাত্ৰা আৰম্ভ কৰিছে।ইতিমধ্যে পৰিষদে আন কিছুমান দিশতো কাম আৰম্ভ কৰিছে আৰু অনতিপলমে ইয়াৰ ফচলসমূহ ৰাইজৰ বাবে আগবঢ়োৱা হ'ব।

তলত উল্লেখ কৰা সঁজুলিটো পৰিষদৰ প্ৰথম ফচল

আমাৰ ফচল

ৰ'দালি-অসমীয়া ইউনিক'ড লিখন চফ্টৱেৰ

ৰ'দালি হৈছে ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসমৰ দ্বাৰা নিৰ্মিত এক অসমীয়া ইউনিক'ড লিখন চফ্টৱেৰ। এই চফ্টৱেৰটোৰ সহায়েৰে অতি সহজে কম্পিউটাৰত অসমীয়া লিখিব পাৰি। ৰ'দালি সম্পূৰ্ণ বিনামূলীয়া আৰু ইয়াক আমাৰ ৱেবচাইটৰপৰা ব্যক্তিগত বা ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে ডাউনল'ড কৰি ল'ব পাৰি।

সবিশেষ

ৰ'দালি 2.0 ৰ জৰিয়তে MS-Word ত লিখি থকাৰ ছবি