Society for Language Technology Development, Assam
ৱেবচাইট উন্মোচন
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাদেৱে "ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসম" ৰ ৱেবচাইটটো আনুস্থানিক ভাৱে উন্মোচন কৰে ২০১২ চনৰ ৩ অক্টোবৰ তাৰিখে।
ৰ'দালি উন্মোচন
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আসন"ৰ প্ৰাক্তন অধ্যাপক, বিশিষ্ট সাহিত্যিক, সমালোচক, ড° নগেন শইকীয়াদেৱে "ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসম"ৰ দ্বাৰা নিৰ্মিত "ৰ'দালি" নামৰ ছফ্টৱেৰটো উন্মোচন কৰে ২০১২ চনৰ ৩ অক্টোবৰ তাৰিখে।
ইউনিক'ডত অসমীয়া লিখনৰ কৰ্মশালা
ইংৰাজী ৬-০৪-২০১৩ তাৰিখে চাবুৱাৰ ডি, ডি, আৰ মহাবিদ্যালয়ত ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ উদ্যোগত আৰু সেই মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত ইউনিক'ডত অসমীয়া লিখনৰ এখনি কৰ্মশালা অনুস্থিত হৈ যায়।