ভাষা প্ৰযুক্তি : সাম্প্ৰতিক দৃশ্যপট

"তথ্য প্ৰযুক্তি হ’ল তথ্যৰ আহৰণ, সংগঠন, সংৰক্ষণ, সংশ্লেষণ, পৰিবহন আৰু বিতৰণৰ প্ৰক্ৰিয়াসমুহৰ এক সমুহীয়া নাম"

সৰ্বসাধাৰণে ব্যৱহাৰ কৰা ভাষা কম্পিউটাৰ বা তেনে ধৰণৰ যন্ত্ৰ-পাতি বিলাকৰ বোধগম্য কৰি তুলিবৰ বাবে যিধৰণৰ কাৰিকৰী ব্যৱস্থা ব্যৱহাৰ কৰা হয় তাকে ভাষা প্ৰযুক্তি বুলিব পাৰি। কম্পিউটাৰৰ বিভিন্ন অংশসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে যিবিলাক ব্যৱস্থা ব্যৱহাৰ কৰা হয়, এই সকলোবোৰেই, কম্পিউটাৰৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে নিৰ্মাণ কৰা হৈছে। যেনে, কম্পিউটাৰক ইনপুট দিবৰ বাবে মাউচ আৰু কীবৰ্ড, আৰু আউটপুটৰ বাবে মনিটৰ বা প্ৰিণ্টাৰ ইত্যাদি। এই ব্যৱস্থা বিলাক ব্যৱহাৰ কৰিবৰ বাবে বিশেষ প্ৰশিক্ষণলব্ধ অৰ্হতাৰ প্ৰয়োজন হয়। কম্পিউটাৰৰ ব্যৱস্থাবিলাক ব্যৱহাৰকাৰীৰ সুবিধা হোৱাকৈ সংস্থাপন কৰিলেহে সৰ্বসাধাৰণ লোকে প্ৰযুক্তিৰ প্ৰকৃত সুফল লাভ কৰিবলৈ সক্ষম হ’ব। সাধাৰণতে দৈনন্দিন জীৱনত মানুহে ভাষাৰ মাধ্যমেৰে যিধৰণে ভাবৰ আদান প্ৰদান কৰে, ঠিক সেইধৰণে কম্পিউটাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিলেহে সাধাৰণ মানুহৰ বাবে ইয়াৰ ব্যৱহাৰ সহজ আৰু সুগম হৈ পৰে।

আমি সাধাৰণতে পাই থকা তথ্য আৰু প্ৰযুক্তিৰ জগতখনত বহুলভাবে ব্যৱহৃত হোৱা ভাষাটো হ’ল ইংৰাজী ভাষা। তথাপিও, যোৱা কেইদশক মান ধৰি কম্পিউটাৰত আন আন ভাষা ব্যৱহাৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়া আৰম্ভ হৈছে, আৰু বহু স্থানীয় ভাষাই এই দিশত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তথ্য-প্ৰযুক্তিত স্থানীয় ভাষা বিলাক ব্যৱহাৰ কৰাৰ কেইবাটাও সুফল আছে। উদাহৰণ স্বৰূপে- প্ৰযুক্তিৰ সুবিধা সমূহ সৰ্বসাধাৰণ লোকৰ প্ৰথম ভাষাত প্ৰকাশ কৰিব পাৰিলে ব্যৱহাৰকাৰীয়ে ইয়াৰ কাৰিকৰী দিশসমূহ সহজে আয়ত্ব কৰি ল’ব পাৰে, যাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ তেওঁলোকৰ বাবে সূচল হৈ পৰে। তাৰোপৰি, এই প্ৰযুক্তি-সম্বলিত আহিলা-পাতি বা সঁজুলি বিলাকৰ বাবে স্থানীয়ভাবে নতুনকৈ একোখন বৃহৎ বজাৰ ওলাই পৰে। উদাহৰণ স্বৰূপে মোবাইল ফোন ব্যৱহাৰৰ ফালৰ পৰা ভাৰতত এখন বৃহৎ বজাৰৰ সৃষ্টি হৈছে, আৰু এই বজাৰখনৰ পৰিধি দিনক দিনে বাঢ়ি গৈ আছে। কিন্তু বহু সংখ্যক ভাৰতীয় মোবাইল ব্যৱহাৰকাৰীয়ে ইংৰাজী ভাষা ভালদৰে নজনাৰ ফলত, মোবাইল ফোনে প্ৰদান কৰা সকলো সুবিধা সম্পুৰ্ণৰূপে গ্ৰহণ কৰিব পৰা নাই।

ওপৰৰ কথা খিনিৰ সাৰাংশ হ’ল-

  • তথ্য প্ৰযুক্তিক বাদ দি আধুনিক সমাজৰ কথা ভাবিব নোৱাৰি
  • যিহেতু তথ্য প্ৰযুক্তি মুলতঃ ইংৰাজী ভাষাৰ ওপৰত নিৰ্ভৰশীল, গতিকে ইয়াৰ সকলো সুবিধা সৰ্বসাধাৰণৰ বাবে সহজে উপলব্ধ হোৱা নাই
  • স্থানীয় লোকসকলে অথবা ইংৰাজী ভালদৰে নজনা লোকসকলে নিজৰ নিজৰ ভাষাত প্ৰযুক্তিসম্পৰ্কীয় কথাবোৰ জানিব পাৰিলে তেওঁলোকে প্ৰযুক্তিয়ে প্ৰদান কৰা সুবিধাসমূহ সহজে গ্ৰহণ কৰিব পাৰিব।

এই বিলাক সামাজিক আৰু ব্যৱসায়িক দিশৰ কথা চিন্তা কৰিয়েই আশীৰ দশকৰ শেষৰ ফালৰ পৰা কম্পিউটাৰত স্থানীয় ভাষা ব্যৱহাৰৰ উদ্যোগ লোৱা হয়। মনকৰিবলগীয়া কথা হ’ল যে, মানুহৰ সুবিধাজনক দৃশ্য/ শ্ৰাব্য প্ৰক্ৰিয়া বিলাকক কম্পিউটাৰৰ সৈতে সংযোগ স্থাপন কৰাৰ প্ৰচেষ্টা আচলতে ১৯৫০ চন মানৰ পৰাই আৰম্ভ হৈছিল, আৰু ইয়াৰ বাবে SHRDLU, ELIZA ইত্যাদি কিছুমান প্ৰযুক্তি উদ্ভাৱন কৰা হৈছিল। কিন্তু সেই সময়ত ব্যৱহাৰ হোৱা যন্ত্ৰ-পাতি বিলাকৰ দক্ষতা কম হোৱা বাবে, এই প্ৰযুক্তিবিলাক বিচৰা ধৰণে সফল হব নোৱাৰিলে। ফলস্বৰূপে, ভাষা-প্ৰযুক্তিৰ উন্নতি সীমিত হৈ ৰ’ল। ইতিমধ্যে কম্পিউটাৰ প্ৰযুক্তিয়ে বৈপ্লবিক উন্নতি সাধন কৰি ইয়াৰ কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিলে আৰু বিশেষকৈ আশীৰ দশকত কম্পিউটাৰ সমূহৰ কাৰ্যক্ষমতা অভাৱনীয় ভাবে বৃদ্ধি কৰিব পৰাৰ বাবে, ভাষা-প্ৰযুক্তিৰ ক্ষেত্ৰখনত পুনৰ মনোনিৱেশ কৰা হ’ল।

এই সময়ছোৱাতে বিশ্বৰ বিভিন্ন ভাষা কম্পিউটাৰত ব্যৱহাৰ কৰাৰ বাবে নানান প্ৰচেষ্টা হাতত লোৱা হ’ল, সৰ্বপ্ৰথমে কম্পিউটাৰত এই ভাষা বিলাক লিখা আৰু সঠিক ভাৱে প্ৰদৰ্শন কৰাৰ প্ৰযুক্তি বিকশিত হ’ল, তাৰ পাছত ক্ৰমান্বয়ে বানান নিৰীক্ষক, যান্ত্ৰিক অনুবাদক, অপ্টিকে’ল কেৰেক্টাৰ ৰিকগনিচন ( OCR) আদিৰ বিকাশ সাধন হ’ল। ইতিমধ্যে ইণ্টাৰনেটৰ প্ৰসাৰৰ লগে লগে এক সৰ্বজনস্বীকৃত ‘ক’ডিং’ ব্যৱস্থাৰ প্ৰয়োজন হ’ল আৰু তাতেই ইউনিক’ডৰ প্ৰসংগ আৰু প্ৰয়োজনীয়তা আহি পৰিল।

তথ্য প্ৰযুক্তিত ভাৰতীয় ভাষাৰ ব্যৱহাৰ

বিভিন্ন সংস্কৃতি আৰু ভাষিক বৈচিত্ৰৰ বাবে ভাৰতবৰ্ষ ভাষা-প্ৰযুক্তিৰ প্ৰয়োগ আৰু পৰীক্ষণ কৰিবৰ বাবে এখন অতি উপযুক্ত ক্ষেত্ৰ। ভাৰতবৰ্ষত পৃথিৱীৰ প্ৰতিটো ভাষা পৰিয়াল, যেনে, আৰ্য, দ্ৰাবিড়ীয়, অষ্ট্ৰ-এচিয়াটিক, চীন-তিব্বতীয়, আন্দামানিজ আদিৰ পৰা উৎপত্তি হোৱা বহুতো ভাষা আৰু ইয়াৰ বিভিন্ন উপভাষা প্ৰচলিত হৈ আছে। হিন্দী ভাৰতৰ এটা অন্যতম চৰকাৰী ভাষা, আৰু ইংৰাজী, যদিও ভাৰতীয় ভাষা নহয়, তথাপি ইও ভাৰতবৰ্ষত চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। কিন্তু ভাৰতৰ সংবিধানে প্ৰত্যেক নাগৰিককে নিজ নিজ স্থানীয় ভাষা ব্যৱহাৰ আৰু সংৰক্ষণৰ অধিকাৰ প্ৰদান কৰিছে। সংবিধানত কোৱা হৈছে "Any section of the citizens residing in the territory of India or any part thereof having a distinct language, script or culture of its own, shall have the right to conserve the same." (ভাৰত ৰাষ্ট্ৰত বা কোনো ভাৰতীয় অংগৰাজ্যত বাস কৰা যি কোনো লোকৰ, যাৰ নিজা ভাষা, লিপি বা সংস্কৃতি আছে, এইবিলাক সংৰক্ষণ কৰাৰ অধিকাৰ থাকিব)

এই জটিল ভাষিক পৃষ্ঠভূমিৰ পৰিপ্ৰক্ষিতত, ভাষা-প্ৰযুক্তিৰ বিকাশৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি মন্ত্ৰালয় আৰু ৰাষ্ট্ৰসংঘ বিকাশ আঁচনিৰ (UNDP) অধীনত “ভাৰতীয় ভাষাসমুহৰ বাবে প্ৰযুক্তিৰ বিকাশ” (Technology Development for Indian Languages -TDIL) নামে এক পৰিকল্পনা আৰম্ভ কৰে। ইয়াৰ মুল উদ্দেশ্য আছিল ভাৰতীয় ভাষা সমূহৰ বাবে কাৰিকৰী আৰু জ্ঞানভি্ত্তিক প্ৰকল্পসমুহক উৎসাহিত কৰা আৰু তাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰা। TDIL ৰ ৱেবচাইটত এনেদৰে লিখা হৈছে ,

"India is a multilingual country, with 22 official languages and 12 scripts. In India only about 5% people know English and rest are deprived of benefits of information technology development. The benefits of information technology can reach to the common man only when software tools and human machine interface systems are available in people’s own languages. To enable wide proliferation of ICT in Indian languages, tools, products and resources should be freely available to the general public.”(ভাৰত এখন বহুভাষিক দেশ। ইয়াত ২২ টা স্বীকৃতিপ্ৰাপ্ত ভাষা আৰু ১২ টা লিপি আছে। ভাৰতৰ মাথোন ৫% লোকেহে ইংৰাজী ভালদৰে জানে আৰু সেইবাবে বাকীসকলে তথ্য-প্ৰযুক্তিৰ সম্পূৰ্ণ সুবিধাসমূহৰ পৰা বঞ্চিত হৈ আছে। তথ্য-প্ৰযুক্তিৰ সকলো সুবিধা সৰ্বসাধাৰণৰ বাবে তেতিয়াহে সহজলভ্য হব, যেতিয়া চফটৱেৰ আৰু কম্পিউটাৰৰ সৈতে অন্যান্য যোগাযোগৰ ব্যৱস্থাবিলাক স্থানীয় ভাষাত উপলব্ধ হ’ব। ভাৰতীয় ভাষাসমূহত তথ্য-প্ৰযুক্তিৰ বহুল ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ হ’লে এই সঁজুলি, উৎপাদিত সামগ্ৰী আৰু সমল সমূহ সৰ্বসাধাৰণে নিজস্ব ভাষাত বিনামূলীয়াকৈ পাব পৰা হ’ব লাগিব।)"

TDIL ৰ আঁচনিসমূহৰ অধীনত, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( IITs), ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান ( IIITs), চি-ডেক (C-DAC), ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IIS), ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (ISI), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ( JNU), আদিকে ধৰি বহুতো অনুষ্ঠানে উল্লেখনীয় আৱদান আগবঢ়াই আহিছে। তাৰউপৰিও ভাৰতীয় ভাষা-প্ৰযুক্তি গৱে‍ষণাৰ ক্ষেত্ৰখনত, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, (TIFR), টাটা কনচাল্টেন্সি চাৰ্ভিচ ( TCS) আদিকে ধৰি বহুতো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানেও নিজৰ নিজৰ অৱদান আগবঢ়াই আহিছে। ভাৰতীয় ভাষাবিলাক কম্পিউটাৰৰ বোধগম্য কৰাৰ বাবে ভাৰতে নিজস্ব ভাৱে ISCII নামেৰে ক’ডিং ব্যৱস্থা উদ্ভাৱন কৰিছে আৰু লগতে ভাৰতীয় ভাষাসমূহ লিখা আৰু সংশ্লেষণ কৰাৰ বাবে INSCRIPT নামেৰে এক বিশেষ ব্যৱস্থাৰো বিকাশ ঘটাইছে।

উল্লেখযোগ্য যে ভাৰত “ইউনিক’ড” সংস্থাৰ ভোটাধিকাৰ থকা বিশেষ সদস্য। ইয়াৰ বাহিৰেও দুই এখন ভাৰতীয় ৰাজ্যই এই ইউনিক’ড সংস্থাত সুকীয়াকৈ অংশ গ্ৰহণৰ ব্যৱস্থা কৰিছে। তথাপিও, তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত বি‍শ্বৰ বাকী দেশবিলাকৰ তুলনাত ভাৰতীয় ভাষা সমূহ এতিয়াও বহু পিছপৰি আছে, তাতে ভাৰতবৰ্ষত প্ৰচলিত ভাষাবিলাকৰ মাজতো তথ্য-প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত বৃহৎ তাৰতম্য দেখা পোৱা গৈছে। দেৱনাগৰী লিপিৰে লিখা হিন্দী ভাষাই বৰ্তমান এই ক্ষেত্ৰত সকলোতকৈ বেছি সফলতা দেখুৱাবলৈ সক্ষম হৈছে, কাৰণ ই ভাৰতৰ প্ৰধান চৰকাৰী ভাষা আৰু লগতে ভাৰতত হিন্দীভাষী লোকৰ সংখ্যাও সৰ্বাধিক। ইয়াৰ পাছতে আছে তেলুগু,তামিল, কন্নড়, বাংলা আদি ভাষাৰ স্থান। বাংলা ভাষাৰ এক সুকীয়া সুবিধা এই যে, ই বাংলাদেশৰ একমাত্ৰ স্বীকৃত ভাষা হোৱা হেতুকে বাংলাদেশ চৰকাৰৰ সকলো সমল তথা সমৰ্থন লাভ কৰিবলৈ সুবিধা পাইছে। ইয়াৰ ওপৰিও ভা‍ষাতত্ত্বৰ সৰ্বজনগৃহীত মানৰ অভাৱ আৰু লগতে বিভিন্ন নৃতাত্বিক, ভৌগোলিক, সামাজিক তথা ৰাজনৈতিক সমস্যাৰে পৰিবেষ্টিত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ভাষাসমুহ ভাষা-প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহু পিছ পৰি থকা পৰিলক্ষিত হৈছে।

অসম আৰু উত্তৰ-পূবৰ স্থানীয় ভাষা

অসমীয়াকে ধৰি উত্তৰ-পূব ভাৰতৰ ভাষাসমূহৰ অৱস্থা বহু বেছি শোচনীয়। ভাষা-প্ৰযুক্তিৰ ক্ষেত্ৰত উত্তত-পূব ভাৰতীয় ভাষাসমূহৰ বৰ্তমান অৱস্থা এনেদৰে উল্লেখ কৰিব পাৰি-:

  • কোনো উত্তৰ পূৰ্বীয় ভাষাতে আধুনিক প্ৰযুক্তিৰ বাবে প্ৰয়োজনীয় আহিলা তথা সজুলি যথেষ্ট পৰিমাণে বিকশিত হোৱা নাই।
  • অসমীয়াৰ ইউনিক’ড বা অনা-ইউনিক’ড লিখন এতিয়াও বহু পৰিমাণে বাংলা সঁজুলিৰ ওপৰত নিৰ্ভৰশীল, কাৰণ এই দুইটা লিপিৰ মাজত যথেষ্ট সামঞ্জস্য আছে। ।
  • ইণ্টাৰনেটত এই ভাষাসমূহ ব্যৱহাৰ কৰি লিখা সমল একেবাৰে নগণ্য। উদাহৰণ স্বৰূপে অসমীয়া প্ৰায় ১.৩ কোটি লোকৰ মাতৃভাষা (২০০১ চনৰ পিয়ল মতে) হোৱা সত্ত্বেও ইণ্টাৰনেটত অসমীয়া সমল লজ্জাজনক ভাৱে কম।
  • এই বিষয়টো সম্পৰ্কে জনসাধাৰণৰ সজাগতা একেবাৰে নাই বুলিব পাৰি
  • ভাষা-প্ৰযুক্তিৰ ক্ষেত্ৰখনত কাম কৰি থকা চৰকাৰী তথা স্বেচ্ছাসেৱী সংগঠন/ ব্যক্তি সকলৰ মাজত সমন্বয় সৃষ্টি কৰাৰ সংগঠিত প্ৰয়াসৰ অভাৱ
  • ফেচবুক বা গুগলৰ দৰে জনপ্ৰিয় মাধ্যমসমূহ এতিয়াও অসমীয়া বা আন কোনো উত্তৰ পূৰ্বীয় ভাষাত উপলব্ধ নহয়।
  • মূল ভাষাতাত্ত্বিক বিষয় বিলাকতে সৰ্বজনগৃহীত মান উপলব্ধ নহয়

ইত্যাদি..

এই আলোচনাৰ পৰা এটা কথাই পৰিষ্কাৰকৈ বুজি পোৱা যায় যে, উত্তৰ পূব ভাৰতৰ ভাষা সমূহে আধুনিক প্ৰযুক্তিৰ প্ৰতাহ্বানৰ সন্মূখীন হ’ব পৰাকৈ এতিয়াও উপযুক্ত হৈ উঠা নাই। আনকি বহুতে ইয়াৰ প্ৰয়োজনীয়তাও উপলব্ধি কৰা নাই। কিন্তু এটা কথা নিশ্চিত যে, আজি মানৱ সভ্যতা তথ্য সংযোগৰ মাধ্যমৰ ক্ষেত্ৰত এক পৰিবৰ্তনৰ মাজেৰে গতি কৰিছে,যেনে চপাৰ পৰা বৈদ্যুতিন মাধ্যমলৈ আৰু ইংৰাজীৰ লগতে কিছুমান ব্যৱসায়িকভাবে সফল ভাষাৰ প্ৰৱল প্ৰভাৱত বহুতো স্থানীয় ভাষাই নিজৰ গুৰুত্ব হেৰুৱাই ধীৰে ধীৰে বিলুপ্তিৰ পথলৈ গতি কৰিছে। এনে এক সন্ধিক্ষনৰ মাজতে ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসম, গঠনৰ পৰিকল্পনা হাতত লোৱা হৈছে। উত্তৰ পূব ভাৰতৰ ভাষা আৰু উপভাষাসমূহৰ বাবে প্ৰয়োজনীয় ভাষা-প্ৰযুক্তি বিকাশ কৰাৰ উদ্দেশ্যেৰে, কিছু সমভাৱাপন্ন লোকেৰে এই সংগঠন গঠিত হৈছে, ইয়াৰ সদস্যসকলৰ কোনোৱে ভাষাতত্ব, তথ্য প্ৰযুক্তি বা গ্ৰাফিক ডিজাইনৰ ক্ষেত্ৰখনত কাৰ্যৰত, বা কোনোবাজন এই ব্যৱস্থা সমূহৰ ব্যৱহাৰকাৰী মাত্ৰ। আত্মবিশ্বাস আৰু বৌদ্ধিক সততাক মূলধন হিচাপে লৈ আৰম্ভ কৰা ভাষা প্ৰযুক্তিৰ সমল সমূহৰ বিকাশ আৰু প্ৰয়োগ কৰি উত্তৰ পূব ভাৰতৰ ভাষাসমূহক আধুনিক প্ৰযুক্তিৰ বাবে উপযুক্ত কৰি তোলাত অৰিহণা যোগাবলৈ এই পৰিষদ প্ৰতিজ্ঞাবদ্ধ। এই ভাষা সমূহৰ নিজস্ব বৈশিষ্ট্যৰ ওপৰত পৰিষদে গভীৰ দৃষ্টি ৰাখিব আৰু পৰিষদে বিশ্বাস কৰে যে, আধুনিক প্ৰযুক্তিৰ সৈতে উপযুক্ত ভাবে সংযোগ স্থাপন হ’লেহে এই ঐতিহ্যপূৰ্ণ ভাষা বিলাকে নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিব আৰু এই ভাষাসমূহৰ অস্তিত্বৰ বাবে এই ধৰণৰ সংযোগ স্থাপন অতি প্ৰয়োজনীয়।