আমাৰ ৱেবচাইটলৈ স্বাগতম

"ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসম" (পঞ্জীয়ন নং:DIB/255/c/75 of 2012-2013) এটা স্বেচ্ছাসেৱী অনুস্থান যাৰ উদ্দেশ্য হ'ল ক্ৰমবিকশিত তথ্য-প্ৰযুক্তিৰ মাধ্যমেৰে অসমৰ ভাষা, সংস্কৃতি আৰু সাহিত্যৰ প্ৰচাৰ তথা বিকাশ সাধন কৰা । এই পৰিষদৰ মূল লক্ষ্যসমুহ হ'ল: সবিশেষ

ভাষা প্ৰযুক্তি : সাম্প্ৰতিক দৃশ্যপট

" তথ্য প্ৰযুক্তি হ’ল তথ্যৰ আহৰণ, সংগঠন, সংৰক্ষণ, সংশ্লেষণ, পৰিবহন আৰু বিতৰণৰ প্ৰক্ৰিয়াসমুহৰ এক সমুহীয়া নাম "

সৰ্বসাধাৰণে ব্যৱহাৰ কৰা ভাষা কম্পিউটাৰ বা তেনে ধৰণৰ যন্ত্ৰ-পাতি বিলাকৰ বোধগম্য কৰি তুলিবৰ বাবে যিধৰণৰ কাৰিকৰী ব্যৱস্থা ব্যৱহাৰ কৰা হয় তাকে ভাষা প্ৰযুক্তি বুলিব পাৰি। কম্পিউটাৰৰ বিভিন্ন অংশসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে যিবিলাক ব্যৱস্থা ব্যৱহাৰ কৰা হয়, এই সকলোবোৰেই, কম্পিউটাৰৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে নিৰ্মাণ কৰা হৈছে। যেনে, কম্পিউটাৰক ইনপুট দিবৰ বাবে মাউচ আৰু কীবৰ্ড, আৰু আউটপুটৰ বাবে মনিটৰ বা প্ৰিণ্টাৰ ইত্যাদি। এই ব্যৱস্থা বিলাক ব্যৱহাৰ কৰিবৰ বাবে বিশেষ প্ৰশিক্ষণলব্ধ অৰ্হতাৰ প্ৰয়োজন হয়।

সবিশেষ
সংবাদ

ৰ'দালি 2.0 উন্মোচন
ৰ'দালি 2.0 windows অপাৰেটিং চিষ্টেমৰ বাবে নিৰ্মিত এটা নতুন সংস্কৰণ। এই সংস্কৰণটো ২৯ জুলাই, ২০১৪ ত মুকলি কৰা হয়। ৰ'দালি 2.0 ত পুৰণা সংস্কৰণটোত থকা সুবিধাখিনিৰ বাহিৰেও বহুতো নতুন সুবিধা প্ৰদান কৰা হৈছে।যেনে: শব্দৰ স্বয়ংক্ৰিয় পৰামৰ্শ, স্বয়ংক্ৰিয় শুধৰণি, নিজে সহজে সম্পাদনা কৰিব পৰা কীব'ৰ্ড ইত্যাদি

অন্যান্য সংবাদ
কাৰ্য আৰু পৰিকল্পনা

এই অংশত আমাৰ বৰ্তমানৰ কাম-কাজ আৰু ভৱিষ্যতৰ পৰকল্পনাৰ বিষয়ে এটা থূলমূল আভাষ দিয়া হৈছে।

ভাষা প্ৰযুক্তি বিকাশ পৰি‍ষদ, অসমে কম্পিউটাৰত অসমীয়া লিখা আৰু সংশ্লেষণ কৰাৰ বাবে ইউনিক’ড ভিত্তিক সঁজুলি নিৰ্মাণ কৰিছে । এই সঁজুলি বিলাকত বানান নিৰীক্ষক, শব্দকোষ আদিৰ দৰে অতি প্ৰয়োজনীয় আহিলা সংযুক্ত কৰাৰ প্ৰচেষ্টা চলাই আছে। সবিশেষ

ইউনিক'ডৰ ইটো সিটো

ইউনিক'ড হ'ল পৃথিৱীৰ যিকোনো ভাষা কম্পিউটাৰত লিখাৰ সুবিধাৰ্থে নিৰ্ধাৰণ কৰা এটা আন্তঃৰাষ্ট্ৰীয় মান।

ইউনিক'ড ব্যৱহাৰ কৰি সহজতে অসমীয়া লিখা আৰু পঢ়াৰ বিষয়ে বুজি ল’বলৈ এই অংশটোৱে আপোনাক সহায় কৰিব।অধিক জানিবৰ বাবে তলৰ সংযোগটো ক্লিক কৰক.

গেলাৰী