কাৰ্য আৰু পৰিকল্পনা

এই অংশত আমাৰ বৰ্তমানৰ কাম-কাজ আৰু ভৱিষ্যতৰ পৰকল্পনাৰ বিষয়ে এটা থূলমূল আভাষ দিয়া হৈছে।

পৰিকল্পনা
  • ভাষা প্ৰযুক্তি বিকাশ পৰি‍ষদ, অসমে কম্পিউটাৰত অসমীয়া লিখা আৰু সংশ্লেষণ কৰাৰ বাবে ইউনিক’ড ভিত্তিক সঁজুলি নিৰ্মাণ কৰিছে আৰু এই সঁজুলি বিলাকত বানান নিৰীক্ষক, শব্দকোষ আদিৰ দৰে বুদ্ধিমান উপকৰণ সংযুক্ত কৰাৰ প্ৰচেষ্টা চলাই আছে। এটা থলুৱা ভাৱে নিৰ্মিত অসমীয়া ইউনিক’ড লিখন চফটৱেৰ, ‘ৰ’দালি’ ইতিমধ্যে মুকলি কৰা হৈছে, আৰু ই অসমীয়াৰ এক বহুদিনীয়া প্ৰয়োজন পূৰণ কৰিব বুলি আশা কৰা হৈছে।
  • উত্তৰ –পূব ভাৰতৰ ভাষাসমূহৰ বিষয়ে ইংৰাজী আৰু স্থানীয় ভাষাৰ গৱেষণালব্ধ প্ৰবন্ধ প্ৰকাশ কৰাও পৰিষদৰ অন্যতম লক্ষ্য, যাতে এই তথ্যবিলাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি। এনেধৰণৰ কেইটামান প্ৰৱন্ধ ইতিমধ্যে ৱেবচাইটত অন্তৰ্ভুক্ত কৰা হৈছে। পৰিষদৰ মূল লক্ষ্যৰ লগত সংগতি ৰখা বিষয়সমূহৰ ওপৰত বিজ্ঞজনৰ দ্বাৰা আৱশ্যকীয় প্ৰবন্ধ ৰচনা কৰোৱাত সহযোগিতা কৰা পৰিষদৰ কৰ্মসূচীৰ অন্তৰ্গত। ভৱিষ্যতে উত্তৰ-পূব ভাৰতৰ দুৰ্লভ সাহিত্য ডিজিটেল ৰূপলৈ বিকশিত কৰি আৰু প্ৰয়োজন সাপেক্ষে অনুবাদ কৰি পাঠকক উপলব্ধ কৰোৱাৰ কাৰ্য্যসূচীও পৰিষদে হাতত লৈছে।
  • ইণ্টাৰনেটত স্থানীয় ভাষাৰ সমল বৃদ্ধি কৰিবৰ বাবে একে উদ্দেশ্যৰে গঠিত হোৱা আন অনুস্থানক সহযোগিতা কৰা, আৰু স্থানীয় ভাষাৰে ইণ্টাৰনেট ব্যৱহাৰৰ লগতে ব্লগ বা ৱেবচাইট বিকশিত কৰাৰ প্ৰশিক্ষণ আৰু কৰ্মশালা অনুস্থিত কৰা পৰিষদৰ কৰ্মসূচীৰ অন্তৰ্গত।
  • পৰিষদে ভাষা-প্ৰযুক্তিৰ বিকাশৰ অৰ্থে প্ৰস্তুত কৰা চৰকাৰি বা বেচৰকাৰী আঁচনি সমূহতো সহযোগিতা কৰে, আৰু এই প্ৰযুক্তিসমূহৰ সুবিধা যাতে সৰ্বসাধাৰণৰ বাবে উপলব্ধ হয় তাৰো প্ৰচেষ্টা চলায়।
  • পৰিষদে অসমীয়া ফণ্ট বিকাশৰো পৰিকল্পনা হাতত লৈছে, যাতে প্ৰায়োগিক ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন আখৰৰ ডিজাইন ব্যৱাসায়িক ভিত্তিক কাম কৰা লোকসকলৰ বাবে উপলব্ধ হয়।
সম্পন্ন হোৱা কাৰ্য

  • অসমীয়া ইউনিক’ড লিখন চফটৱেৰ ৰ’দালিৰ(১.০.০সংস্কৰণ) ৩ অক্টোবৰ ২০১২, ত মুকলি কৰা হৈছে।
  • পৰিষদৰ দ্বিভাষিক ৱেবচাইট www.sltdassam.com সেইদিনাই ডিব্ৰুগড়ত উন্মোচন কৰা হৈছে।
<
Copyright ©SLTD, Assam