"ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসম" (পঞ্জীয়ন নং:DIB/255/c/75 of 2012-2013) এটা স্বেচ্ছাসেৱী অনুস্থান যাৰ উদ্দেশ্য হ'ল ক্ৰমবিকশিত তথ্য-প্ৰযুক্তিৰ মাধ্যমেৰে অসমৰ ভাষা, সংস্কৃতি আৰু সাহিত্যৰ প্ৰচাৰ তথা বিকাশ সাধন কৰা । সবিশেষ ইয়াত চাওক

সাধাৰণ পৰিচয়

ভাষা-প্ৰযুক্তিয়ে প্ৰধানকৈ কোনো ভাষাক আধুনিকতম প্ৰযুক্তিৰ সমলসমূহৰ সুবিধা প্ৰদান কৰাৰ প্ৰচেষ্টা চলায়, বিশেষকৈ উন্নত মানৰ ছফ্ট্‌ৱেৰ বা আন সঁজুলি তৈয়াৰ কৰি ভাষাটোক কম্পিউটাৰে ‍বুজিব পৰাকৈ উপযুক্ত কৰি তোলে। বৰ্তমানে দেখা গৈছে যে, যি ভাষাই আধুনিক প্ৰযুক্তিৰ সৈতে তাল মিলাই চলিব পৰা নাই, সেই ভাষাসমূহ বিস্তৰ ক্ষতিৰ সন্মূ্খীন হৈছে আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি ৰৈছে। আনকি কোনো কোনো ক্ষেত্ৰত তেনে ভাষাৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহি পৰিছে। অসমীয়াকে ধৰি অসমৰ আন আন স্থানীয় ভাষা উপভাষা বিলাকো আধুনিক প্ৰযুক্তিৰ লগত খাপ খাব নোৱাৰা বাবে এক সংকটপূৰ্ণ পৰিস্থিতিৰ সন্মূখীন হৈছে আৰু এই প্ৰয়োজন পুৰাবৰ বাবে কাম কৰি থকা অনুষ্ঠানৰ সংখ্যাও ন্যুনতম। তদুপৰি, ভাষা বা লিপিৰ বিশেষজ্ঞসকলৰ মাজতো ভাষা প্ৰযুক্তিৰ প্ৰয়োজনীয়তা সম্পৰ্কে যথাযোগ্য সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে। আৰু সেইবাবেই, আজি অসমৰ ভাষা উপভাষা সমূহে বিশ্ব নেলাগে সৰ্বভাৰতীয় প্ৰেক্ষাপটত নিজৰ স্থিতি হেৰুৱাব লগাত পৰিছে।

আজিৰ এই ক্ৰমবৰ্ধমান কম্পিউটাৰৰ যুগটোত, জ্ঞান তথা শিক্ষাৰ সমলসমূহৰ উৎপাদন, বিতৰণ, গ্ৰহণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত ইণ্টাৰনেটে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। এই পৰিস্থিতিত আমি কোনোপধ্যে আধুনিক প্ৰযুক্তিৰ এই সুবিধা বিলাকক উপেক্ষা কৰিব নোৱাৰো, বৰঞ্চ, উপযুক্ত আহিলা নিৰ্মানৰ সহায়ত আমাৰ ভাষা লিপিক আধুনিক প্ৰযুক্তিৰ সৈতে একীভূত কৰি, বিশ্ব দৰবাৰত ইয়াৰ স্থিতি উন্নত আৰু সুদৃঢ় কৰাৰহে প্ৰয়োজনীয়তা আহি পৰিছে।

এই পৰিস্থিতিতে ভাষা প্ৰযুক্তি বিকাশ পৰিষদ, অসমৰ, প্ৰয়োজনীয়তা তথা প্ৰাসংগিকতা ক্ৰমবৰ্ধমানৰূপে অনুভৱ কৰা যাব । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাষা –উপভাষাসমুহৰ বাবে ভাষা প্ৰযুক্তি বিকাশৰ উদ্দেশ্যে জন্ম হোৱা এই সংগঠনত ভাষা আৰু লিপি, কম্পিউটাৰ, গ্ৰাফিক ডিজাইন আৰু লগতে এতিয়ালৈকে উপলব্ধ প্ৰযুক্তি সমূহৰ ব্যৱহাৰকাৰীকে ধৰি বিভিন্ন দিশত কাম কৰি থকা লোকৰ সংমিশ্ৰণ ঘটিছে। অসমৰ ভাষা-উপভাষা বিলাকক আধুনিক প্ৰযুক্তিৰ সুবিধা প্ৰদান কৰাৰ এই মহান লক্ষ্য আগত ৰাখি সম্পূৰ্ণ সততা আৰু আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাবলৈ পৰিষদ প্ৰতিজ্ঞাবদ্ধ। অসমৰ ভাষা-উপভাষা সমূহৰ বৈশিষ্ট্য আৰু মৰ্যাদাৰ ওপৰত পৰিষদে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে। পৰিষদে বিশ্বাস কৰে, আধুনিক প্ৰযুক্তিৰ সফল প্ৰয়োগেৰে অসমৰ ভাষা-উপভাষাসমূহৰ বিকাশ ঘটাব পাৰিলেহে এই ভাষা সমূহক নতুন প্ৰজন্মই আদৰি ল’ব আৰু লগতে ইয়াৰ উন্নতিৰ বাবে প্ৰচেষ্টা চলাব আৰু ই তেওঁলোকৰ স্বকীয় পৰিচয় বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়।

পৰিষদৰ উদ্দেশ্য
  • বিশ্বৰ তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ সৈতে অসমৰ ভাষাসমূহে ফেৰ মাৰিব পৰাকৈ আৰু বিশ্বৰ প্ৰযুক্তিৰ জগতখনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় আহিলা প্ৰস্তুত কৰি উলিওৱা।
  • চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষা-সাহিত্যৰ বিকাশৰ বাবে প্ৰয়োজনীয় আহিলা আৰু বিভিন্ন তথ্যৰ উদ্ঘাটনতেই সীমাবদ্ধ নাথাকি সেইবোৰ সৰ্বসাধাৰণ লোকে প্ৰকৃতাৰ্থত বিনামূলীয়াকৈ আৰু সহজে ব্যৱহাৰ কৰিব পৰাৰ ব্যৱস্থা কৰা।
  • স্থানীয় ভাষা, সাহিত্য, সংস্কৃতিৰ বিভিন্ন সমল ইণ্টাৰনেটত সহজে উপলব্ধ কৰাৰ প্ৰয়োজনীয়তা আৰু সাম্প্ৰতিক বিশ্বত তথ্য আৰু প্ৰযুক্তিৰ ন ন সমল আৰু উদ্ভাৱনসমূহৰ প্ৰয়োগৰ লগতে তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সৰ্বসাধাৰণ লোকৰ মাজত সজাগতা বৃদ্ধি কৰা।
  • আধুনিক প্ৰযুক্তি প্ৰয়োগৰ কৌশল সম্পৰ্কে সমাজৰ কিছু লোকক প্ৰশিক্ষণ দিয়া।
  • বিভিন্ন বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আদিৰ সৈতে যোগাযোগ স্থাপন কৰি তাৰ গৱেষণালব্ধ বিষয়সমূহ সাধাৰণ লোকৰ ব্যৱহাৰযোগ্য কৰি তোলাত সহায় কৰা।
  • বিশ্বৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানে প্ৰস্তুত কৰা ছফ্ট্‌ৱেৰসমূহ স্থানীয় ভাষাত ব্যৱহাৰ কৰিব পৰাকৈ বিকাশ কৰিবৰ বাবে তেওঁলোকক অনুৰোধ কৰা আৰু লগতে সহযোগ কৰা।
  • স্থানীয় ভাষাৰ বাবে স্বকীয় আখৰৰ আৰ্হি প্ৰস্তুত কৰা।
  • ইউনিক’ড সমৰ্থিত আহিলা প্ৰস্তুত কৰা।
  • বানান নিৰীক্ষক, ব্যকৰণগত শুদ্ধতা নিৰীক্ষক, উন্নত মানৰ মুদ্ৰালিখন আহিলা আদি প্ৰস্তুত কৰা।
  • বিজ্ঞান, সাহিত্য, ভাষা, সংস্কৃতিকে সামৰি বিভিন্ন সমলযুক্ত তথ্যৰ ভঁৰাল সৃষ্টি কৰা।
  • বিভিন্ন প্ৰযুক্তি-প্ৰতিস্থানসমূহক তথ্যৰ স্থানীয়কৰণত সাহায্য কৰা।
পৰিচালনা সমিতি
  • ড° ভাস্কৰজ্যোতি শৰ্মা
    সভাপতি
  • অভিজিত কলিতা
    উপ-সভাপতি
  • গুণদীপ চেতিয়া
    সম্পাদক
  • ড° মৃদুল বৰদলৈ
    কোষাধ্যক্ষ
  • ৰাজু গোহাঁই
    প্ৰচাৰ সম্পাদক
সদস্য
  • পল্লৱী কলিতা
  • ভৈৰৱ গোহাঁই
অন্যান্য
<